Categories
my_native_place_as

মোৰ জন্মভূমি (My Native Land)

Jogen Chandra Rajbanshi, Barkhopa High School, Baksa, Assam

শিকণৰ উদ্দেশ্য:
    • কবিতাটোৱে ছাত্ৰ-ছাত্ৰীক এজন ব্যক্তিৰ বাবে জন্মভূমিৰ মহত্ব বুজাত সহায় কৰিব।
    • ছাত্ৰ-ছাত্ৰীৰ মনত দেশাত্মবোধ আৰু জন্মভূমিৰ প্ৰতি কৃতজ্ঞতা ভাৱ জগোৱা।
    • ছাত্ৰ-ছাত্ৰীৰ শব্দজ্ঞান আৰু ভাষিক দক্ষতাৰ বিকাশ ঘটিব।
১ম দিন

Time: ১০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ জন্মভূমিখনক কিয় ভাল পায়, সেইবিষয়ে শিক্ষক/অভিভাৱকৰ লগত ভাৱ-বিনিময় কৰিব। তেওঁলোকে নিজৰ জন্মভূমিখনৰ ভালপোৱা বস্তুসমূহৰ বিষয়ে এখন তালিকা প্ৰস্তুত কৰিব (এয়া তেওঁলোকৰ গাঁও/চহৰ বা ৰাজ্য হ’ব পাৰে)।

Time: ৪০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে মনোযোগেৰে কবিতাটো পঢ়ি শিক্ষক/অভিভাৱকৰ সহায়ত কবিতাটোৰ এটি সাৰাংশ লিখিব। তেওঁলোকে অভিধান ব্যৱহাৰ কৰি কঠিন শব্দৰ অৰ্থসমূহ বিচাৰি উলিয়াব।
সমল উৎসসমূহ:

https://www.dailyassam.com/2020/01/class-8-english-lesson-2-my-native-land_1.html

ছাত্ৰ-ছাত্ৰীয়ে সংক্ষিপ্ত সাৰাংশ আৰু কঠিন শব্দবোৰৰ ব্যাখ্যা কৰা এই ৱেবচাইটটো চাব পাৰে।

২য় দিন

Time: ৪০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জন্মভূমিৰ স্থানীয় কৃষ্টি-সংস্কৃতি, খেল-ধেমালি, জীৱ-জন্তু, খাদ্যাভ্যাস, সাজ-পোছাক, উৎসৱ-পাৰ্বণ আদিৰ বিষয়ে বিচাৰ কৰিব। প্ৰাপ্ত তথ্যখিনিৰ এটি দফা লিখি শিক্ষক/অভিভাৱকক দেখাব। (ছাত্ৰ-ছাত্ৰীয়ে এই বিষয়সমূহৰ ফটো লৈ শিক্ষকলৈ পঠাব পাৰে)
সমল উৎসসমূহ:


৩য় দিনTime: ৩০ মিনিটমূল্যায়ণ:

ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ জন্মভূমিখন চাবলৈ নিমন্ত্ৰণ জনাই অন্য ৰাজ্যত থকা তেওঁলোকৰ এগৰাকী বন্ধু/বান্ধৱীলৈ ইংৰাজীতে এখন চিঠি লিখিব। ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ জন্মভূমিখন আৰু তাৰ মূখ্য আকৰ্ষণসমূহ, খাদ্য-সম্ভাৰ, উৎসৱ-পাৰ্বণ আদিৰ বিষয়ে বৰ্ণনা কৰিব। (১৫০-২০০ শব্দ)ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্নোত্তৰৰ বাবে সমল উৎসত উল্লেখ কৰা ভিডিঅ’টো চাব পাৰে আৰু তেওঁলোকৰ টোকাবহীত উত্তৰসমূহ লিখিব পাৰে। 

সমল উৎসসমূহ:

কবিতাটোৰ বিষয়ে প্ৰশ্নোত্তৰসমূহ এই ভিডিঅ’টোত ব্যাখ্যা কৰা আছে।

Click here to download the lesson plan

Prepared by: Jogen Chandra Rajbanshi, Barkhopa High School, Baksa, Assam;
Edited by: Durba Sarkar, ITE resource Team, TISS;
Translated by: Jogen Chandra Rajbanshi, Barkhopa High School, Baksa, Assam; Nitumani Kalita, Gramya Vikash Mancha, Assam.

Helpline Number : +91 70028 25970, +91 91018 89733