Categories
math6_as_whole_number

পূৰ্ণ সংখ্যা (Whole Numbers)

Saiful Islam, Alitangani Senior Madrassa, Nagaon, Assam

শিকনৰ উদ্দেশ্য:

  • ছাত্ৰ-ছাত্ৰীয়ে পূৰ্ণ সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে জ্ঞান লাভ কৰিব।
  • ছাত্ৰ-ছাত্ৰীয়ে সংখ্যা প্ৰণালীৰ প্ৰয়োজনীয়তাৰ বিষয়ে বুজি পাব।

১ম দিন

সময়: ২০ মিনিট

ক্ৰিয়াকলাপ

কাৰ্যকলাপ ১:

প্ৰথমে ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ঘৰৰ বিভিন্ন সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰিব আৰু সংখ্যা গণনা কৰিব। (যেনে: বিচনা-৩, চকী-৮, খিৰিকী-১০ ইত্যাদি)। তেওঁলোকে তেওঁলোকৰ টোকাবহীত সংখ্যাবোৰ লিখিব।

ছাত্ৰ-ছাত্ৰীয়ে পূৰ্ণসংখ্যাৰ বিষয়ে বুজিবলৈ পাঠ্যপুথিৰ ৭৭ নং পৃষ্ঠা চাব।

*পূৰ্ণসংখ্যাৰ বিষয়ে এক স্পষ্ট ধাৰণা পাবলৈ ছাত্ৰ-ছাত্ৰীক সমলত উল্লেখ কৰা লিংকটো চাব ক’ব পাৰে।

সংশ্লিষ্ট সমলসমূহ:

(হিন্দীত পূৰ্ণ সংখ্যাৰ ধাৰণা)

পাঠ্যপুথিৰ পৃষ্ঠা নং- 77

সময়: ৩০ মিনিট

কাৰ্যকলাপ ২:
প্ৰথমে ছাত্ৰ-ছাত্ৰীয়ে সমলত উল্লেখ কৰা পাঠ্যপুথিৰ পৃষ্ঠাকেইটা ভালদৰে পঢ়িব। ছাত্ৰ-ছাত্ৰীয়ে সমলত উল্লেখ কৰা লিংক দুটাও চাব পাৰে।

ছাত্ৰ-ছাত্ৰীয়ে সংখ্যাৰেখা ব্যৱহাৰ কৰি তলৰ যোগ, বিয়োগ আৰু পূৰণ অংককেইটা সমাধান কৰিব আৰু শিক্ষক বা নিজৰ পৰিয়ালৰ সদস্যক দেখুৱাব।

  • 5+4
  • 9- 2
  • 2*3

সংশ্লিষ্ট সমলসমূহ:

পাঠ্যপুথিৰ পৃষ্ঠা নং- 77, 78, 82, 83

(সংখ্যাৰেখা ব্যৱহাৰ কৰি যোগ আৰু বিয়োগ)

(হিন্দীত সংখ্যাৰেখা ব্যৱহাৰ কৰি পূৰণ)

সময়: ৩০ মিনিট

ক্ৰিয়াকলাপ
কাৰ্যকলাপ ৩:

ছাত্ৰ-ছাত্ৰীয়ে তলৰ কাৰ্যকলাপটি সম্পূৰ্ণ কৰিব আৰু শিক্ষক বা পৰিয়ালৰ সদস্যক দেখুৱাব-

  1. স্বাভাৱিক সংখ্যা নোহোৱা পূৰ্ণ সংখ্যাটো হ’ল ………।
  2. (2+5) + 3 = 2+ (5+ 3) উক্তিটোৱে বুজায় যে পূৰ্ণ সংখ্যাৰ যোগফল…………..।
  3. 15 ৰ পৰা 65 ৰ ভিতৰত কিমানটা পূৰ্ণ সংখ্যা আছে?
  4. 254, 540, 105 ত 5 ৰ মান কিমান?
  5. এশ সাতাইশ সংখ্যাৰে লিখা।
  6. চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি?
  7. ‘আটাইতকৈ ডাঙৰ’ পূৰ্ণ সংখ্যা নাই। (শুদ্ধ/অশুদ্ধ)
  8. যেতিয়া এটা পূৰ্ণ সংখ্যাক 0 ৰে পূৰণ কৰা হয়, তাৰ উত্তৰ সদায়………..।
  9. 6428 ক বিস্তাৰ কৰি লিখা।
  10. 6 সংখ্যাটোক এটা আয়তক্ষেত্ৰৰ ৰূপত সজোৱা।

সংশ্লিষ্ট সমলসমূহ:

২য় দিন

 

সময়: ৪৫ মিনিট

মূল্যায়ণ:

  • ছাত্ৰ-ছাত্ৰীয়ে তলৰ সংখ্যাকেইটাৰ প্ৰতিটোৰে কাৰণসহ শ্ৰেণীৱদ্ধ কৰিব-

        (-9, 2/5, 0, 210, 8*3, 10-4, 12+10, 5.5)

  •  10+36+7 সমীকৰণটোক সৰল কৰিবলৈ অন্য ধৰণে লিখা
  • 1 ৰ পূৰ্বপদ আৰু উত্তৰপদ আছেনে? যদি নাই, তেতিয়া হ’লে ই কেনেদৰে সম্ভৱ? এডাল সংখ্যাৰেখা অংকন কৰি বুজাই দিয়া।
  • 1 ৰ পৰা 9 লৈ পূৰ্ণ সংখ্যবোৰ ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা। প্ৰতিটো সংখ্যা এবাৰতকৈ অধিক ব্যৱহাৰ নকৰিবা।

Click here to download the lesson plan

Prepared by: Saiful Islam, Alitangani Senior Madrassa, Nagaon, Assam;

Edited by: Srabanti Basak, ITE Resource Team, TISS, Mumbai;

Translated by: Nitumani Kalita, Pranjit Barman, Gramya Vikash Mancha, Assam.

Helpline Number : +91 70028 25970, +91 91018 89733