Categories
math8_as_practical_geometry

ব্যৱহাৰিক জ্যামিতি(Practical Geometry)
by Saiful Islam, Alitangani Senior Madrassa, Nagaon, Assam

শিকনৰ উদ্দেশ্য:  

  • ছাত্ৰ-ছাত্ৰীয়ে প্ৰদত্ত চৰ্ত বা নিয়ম অনুসৰি চতুৰ্ভুজ এটা কেনেদৰে গঠন কৰিব পাৰি শিকিব। 
  • চতুৰ্ভুজৰ গঠন আৰু ইয়াৰ আঁৰৰ প্ৰক্ৰিয়াসমূহ বুজিব

 

১ম দিন

সময়: ২০ মিনিট

কাৰ্যকলাপ ১:

5 টা পৃথক পৃথক চতুৰ্ভুজ আঁকা আৰু আটাইবোৰ বাহু জুখি লোৱা। সিহঁতৰ কৰ্ণবিলাক আঁকা আৰু জুখি লোৱা। তোমাৰ শিক্ষাগুৰুক দেখুওৱা। (পৃষ্ঠা নং 70, 71 চোৱা)

সমল লিংক:

পাঠ্যপুথিৰ পৃষ্ঠা নং 70, 71

(হিন্দীত)

সময়: ৩০

মিনিট

কাৰ্যকলাপ ২:

ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিৰ 71, 73, 77, 78 নং পৃষ্ঠা চাব আৰু ক্ৰিয়াকলাপ নং 4.1.1, 4.1.2, 4.1.3 & 4.1.4 ত দিয়া চতুৰ্ভূজসমূহ অংকন কৰিব। তাৰ পিছত শিক্ষকক দেখুৱাব।

সমল লিংক:

ছাত্ৰ-ছাত্ৰীক অসমীয়া  Diksha App চাব দিব পাৰে, অষ্টম শ্ৰেণী, 1,2,3 আৰু 4 নং ভিডিও
২০ মিনিট

কাৰ্যকলাপ ৩:

সমস্যাটো সমাধান কৰা আৰু শিক্ষকক দেখুওৱা

*যদি এটা চতুৰ্ভূজৰ তিনিটা কোণৰ প্ৰতিটোৰ মাপ 75 ডিগ্ৰীকৈ হয়, তেতিয়া চতুৰ্থ কোণটোৰ মাপ হ’ব
If three angles of a quadrilateral are 75 degree, then the 4th angle is
120 ডিগ্ৰী B) 45 ডিগ্ৰী C) 75 ডিগ্ৰী D) 135 ডিগ্ৰী

*এটা চতুৰ্ভুজ অংকন কৰা যাৰ কৰ্ণদুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় আৰু চতুৰ্ভূজটোৰ নাম লিখা।

সমল লিংক:

কথাখিনি বুজিবলৈ ছাত্ৰ-ছাত্ৰীয়ে তলৰ লিংককেইটা চাব পাৰে:



২য় দিন

সময়: প্ৰতিটো কাৰ্যৰ বাবে ৩০ মিনিট

মূল্যায়ণ:

  • 4 ছে.মি., 4.9 ছে.মি. বাহু আৰু 7.2 ছে.মি. কৰ্ণৰ জোখেৰে এটা চিলা তৈয়াৰ কৰি ৰং দিয়া আৰু শিক্ষকক দেখুওৱা।
  • তুমি মজিয়াত লগাবলৈ সামান্তৰিকৰ আকাৰত টাইল্‌চ কাটিব লাগে। টাইল্‌চৰ জোখ EF=5.2 ছে.মি., FG=8.2 ছে.মি. আৰু EFG=70 ডিগ্ৰী
  • 8 ছে.মি. দীঘল চাৰিটা কাঠৰ টুকুৰা আছে, 12 ছে.মি. দীঘল কাঠৰ টুকুৰা এটা ইয়াৰ কৰ্ণ। ৰম্বাচ আকৃতিৰ ফটো ফ্ৰেম এটা বনাৱলৈ হ’লে আনডাল কৰ্ণৰ জোখ লোৱা আৰু শিক্ষকক দেখুওৱা।

Click here to download the lesson plan

Prepared by: Saiful Islam, Alitangani Senior Madrassa, Nagaon, Assam

Edited by: ITE resource Team, TISS, Mumbai

Translated by: Nitumani Kalita, Gramya Vikash Mancha, Assam.

Helpline Number : +91 70028 25970, +91 91018 89733