Categories
sci6_as_sorting_materials

পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ
by Kaveri Borthakur, Milan Higher Secondary School, Banekuchi, Nalbari , Assam

শিকনৰ উদ্দেশ্য: 

  • ছাত্ৰ-ছাত্ৰীয়ে আমাৰ চৌপাশৰ বিভিন্ন বস্তুসমূহৰ ভৌতিক ধৰ্মৰ জানিব 
  • ছাত্ৰ-ছাত্ৰীক স্বচ্ছ, ঈষৎ স্বচ্ছ আৰু অস্বচ্ছ বস্তুৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে সজাগ কৰা
১ম দিন

সময়:ক্ৰিয়াকলাপ ১:
ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ চৌপাশ নিৰীক্ষণ কৰিব আৰু ১৫ বিধ বিভিন্ন প্ৰকাৰৰ বস্তু সংগ্ৰহ কৰিব (চামুচ, পুতলা, কাচ, কিতাপ, কাপোৰ কাঠ ইত্যাদি)তেওঁলোকে বস্তু আৰু পদাৰ্থ অনুসৰি সেইবোৰ শ্ৰেণী বিভাগ কৰিব (উদাহৰণস্বৰূপে- পুতলা এটা বস্তু আৰু কাঠ এবিধ পদাৰ্থ)। তেওঁলোকে তেওঁলোকৰ বহীত লিখিব আৰু শিক্ষক/অভিভাৱকক দেখুৱাব।

তদুপৰি, ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকে সংগ্ৰহ কৰা বস্তুবোৰ আৰু কিহেৰে বনোৱা হৈছে সেয়া লিপিৱদ্ধ কৰিব:

সংশ্লিষ্ট সমল লিংক:
(ইংৰাজীত)

সময়: ২০ মিনিট

ক্ৰিয়াকলাপ ২:

ছাত্ৰ-ছাত্ৰীয়ে পাঠটি মনোযোগেৰে পঢ়িব আৰু তাৰ পিছত শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ লগত বিষয়বস্তু আৰু আলোচনা কৰা আৰু তেওঁলোকৰ মনৰ শংকা দূৰ কৰিব। (ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ শংকাবোৰ লিপিৱদ্ধ কৰি WhatsApp group ত শিক্ষকক জনাব/(ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ শংকাবোৰৰ ওপৰত আলোচনা কৰিবলৈ ক’ব পাৰে।)

সংশ্লিষ্ট সমল লিংক:
পাঠটোৰ হিন্দীত ব্যাখ্যা কৰা তলৰ লিংকটোৰ কথা ছাত্ৰ-ছাত্ৰীক ক’ব পাৰে

সময়: ৩০ মিনিট

ক্ৰিয়াকলাপ ৩:

ছাত্ৰ-ছাত্ৰীয়ে উল্লেখিত বস্তুসমূহৰ মাজৰ পৰা কমেও ১০ বিধ বস্তু সংগ্ৰহ কৰিব আৰু তলৰ তালিকাখনত দিয়া কথাকেইটা নিৰীক্ষণ কৰি লিখিব। তেওঁলোকে তাৰ কাৰণো লিখিব আৰু শিক্ষকক দেখুৱাব।

২ দিন ৩০ মিনিট (প্ৰতিটো কাৰ্যৰ বাবে ৩০ মিনিট)

মূল্যায়ণ:

  • শিক্ষকে Whatsapp/Google form/যিকোনো অন্য মাধ্যমৰ যোগেদি এখন কুইজ পৰিচালনা কৰিব-
    কুইজৰ প্ৰশ্নসমূহ:
    আমি উজ্জ্বল পদাৰ্থ (সোণ, কাচ, ষ্টীল, ওপৰৰ আটাইকেইটা)
  • মই এটা পদাৰ্থ যাৰ দ্বাৰা পুতলা বনোৱা হয় (কাঠ, চামৰা, তেল, ওপৰৰ এটাও নহয়)
  • আমি অত্যন্ত সংকোচনশীল পদাৰ্থৰ সমষ্টি আৰু তাপৰ অপৰিবাহী (পানী, ধাতু, ভাপ, তেল)
  • গাড়ীৰ সন্মুখৰ আইনাখন কোন প্ৰকাৰৰ পদাৰ্থৰে বনোৱা হয়? (স্বচ্ছ, ঈষৎ স্বচ্ছ, অস্বচ্ছ, ওপৰৰ আটাইকেইটা)
  • ছাত্ৰ-ছাত্ৰীয়ে কাৰণবোৰ লিখিব আৰু শিক্ষকক দেখুৱাব-
  • তোমাৰ জন্মদিনত তোমাৰ মাতৃয়ে তোমাক দুটা ধাতুৰে নিৰ্মিত বস্তু উপহাৰ দিলে, এখন ৰূপৰ চামুচ আৰু এযোৰ চিকমিকিয়া সোণৰ কাণফুলি। কিছুদিনৰ পিছত ৰূপৰ চামুচ খন অনুজ্জ্বল হৈ দুয়োবিধ ধাতুৰ অৱয়বৰ পাৰ্থক্য দেখি তুমি আচৰিত হ’লা। এই পাৰ্থক্যৰ কাৰণ ব্যাখ্যা কৰিব পাৰিবানে?
  • কপাহৰ বল এটা লোৱা আৰু পানীৰে পূৰ্ণ বাতি এটাত ৰাখা। কমেও ১০ মিনিট সময় নিৰীক্ষণ কৰা। ই পানীত ওপঙিব নে ডুবিব আৰু কিয়?
  • চক, লোৰ গজাল, কাঠ, এলুমিনিয়াম, মমবাতি, কপাহ প্ৰত্যকটোৱে প্ৰত্যকটোৰ পৰা দেখাত সাধাৰণতে বেলেগ বেলেগ। কিছুমান ধৰ্ম উল্লেখ কৰা যাৰ দ্বাৰা আমি প্ৰমাণ কৰিব পাৰো যে এই পদাৰ্থবোৰ পৃথক।

Click here to download the lesson plan

Prepared by: Kaveri Borthakur, Milan Higher Secondary School, Banekuchi, Nalbari , Assam;

Edited by: Srabanti Basak, Nikhat Nasrin Khan,  ITE Resource Team, TISS,

Translated by: Nitumani Kalita, Gramya Vikash Mancha, Assam

Helpline Number : +91 70028 25970, +91 91018 89733