Categories
ss6_as_neo

আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস (নৱপ্ৰস্তৰ যুগ) (Neolethic Age)

by Dimbeswar Sarma, Namati Vidyapith Higher Secondary School, Assam

শিকণৰ উদ্দেশ্য

  1. ছাত্ৰ-ছাত্ৰীয়ে নৱপ্ৰস্তৰ যুগ আৰু ইয়াৰ তাৎপৰ্যৰ বিষয়ে জ্ঞান লাভ কৰিব। 
  2. ছাত্ৰ-ছাত্ৰীয়ে আমাৰ জীৱনত চকাৰ আৱিষ্কাৰৰ গুৰুত্বৰ বিষয়ে বুজি পাব।
১ম দিন

সময়: ২০ মিনিট

কাৰ্যকলাপ ১:

ছাত্ৰ-ছাত্ৰীয়ে আগৰ গাঁওসমূহ কেনেকুৱা আছিল, সময়ৰ গতিত গাঁওসমূহ কেনেদৰে পৰিৱৰ্তন হ’ল আৰু কিয় পৰিৱৰ্তন হ’ল, সেই বিষয়ে জানিবৰ বাবে তেওঁলোকৰ পৰিয়ালৰ জ্যেষ্ঠজন (ককা-আইতা, পিতৃ-মাতৃ, দাদা-বাইদেউ, অন্যান্য)ৰ লগত আলোচনা কৰিব। তেওঁলোকে এখন সময়সূচী অংকন কৰিব আৰু শিক্ষকক দেখুৱাব।

সমল লিংক:

উদাহৰণ:

সময়: ২০ মিনিট

কাৰ্যকলাপ ২:

ছাত্ৰ-ছাত্ৰীয়ে পাঠটো মনোযোগেৰে পঢ়িব আৰু নিজৰ শংকাবোৰ চিহ্নিত কৰিব আৰু ফোন যোগে বা WhatsApp group ত শিক্ষকৰ সৈতে আলোচনা কৰিব।
তাৰপিচত তেওঁলোকে তলৰ তালিকাখনত নৱপ্ৰস্তৰ যুগত কি কি পৰিৱৰ্তন হ’ল আৰু কিয় পৰিৱৰ্তন হ’ল (পাঠ্যপুথি/পৰিয়ালৰ জ্যেষ্ঠজনৰ লগত হোৱা আলোচনা/ইণ্টাৰনেটৰ পৰা পোৱা তথ্যৰ ভিত্তিত) পূৰ কৰিব। ছাত্ৰ-ছাত্ৰীয়ে পিছত শিক্ষক/অভিভাৱকক দেখুৱাব।


সমল লিংক:

বিষয়বস্তুৰ ওপৰত অধিক জানিবলৈ ছাত্ৰ-ছাত্ৰীয়ে তলৰ YouTube লিংকটো চাব পাৰে।

২য় দিন

সময়: ২০ মিনিট

কাৰ্যকলাপ ৩:
ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ গাঁৱত ব্যৱহৃত কৃষিৰ সা-সঁজুলি/আহিলা সমূহৰ ফটো ল’ব আৰু শিক্ষক/অভিভাৱকক দেখুৱাব। তাৰপিছত তেওঁলোকে তেওঁলোকৰ গাঁৱত বিচাৰি পোৱা কৃষিৰ সা-সঁজুলি/আহিলা সমূহৰ নাম লিখিব। তেওঁলোকে এই সঁজুলি সমূহ কিহেৰে তৈয়াৰ কৰা হৈছে তাকো লিখিব।
উদাহৰণ:


সময়: ২০ মিনিট

কাৰ্যকলাপ ৪:

ছাত্ৰ-ছাত্ৰীয়ে নৱপ্ৰস্তৰ যুগত চকাৰ আৱিষ্কাৰ হোৱাৰ পিছত মানুহৰ জীৱন কেনেদৰে সলনি হৈছে তাৰ বিষয়ে এটি দফা লিখিব আৰু শিক্ষকক দেখুৱাব।

সমল লিংক

চকাৰ বিষয়ে ব্যাখ্যা থকা Animation Video চোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে তলৰ লিংকটো চাব পাৰে:
(ইংৰাজীত)

Click here to download the lesson plan

Prepared by: Dimbeswar Sarma, Namati Vidyapith Higher Secondary School, Assam;

Edited by: Srabanti Basak; Nikhat Nasrin Khan, ITE resource Team, TISS, Mumbai;

Translated by: Nitumani Kalita, Gramya Vikash Mancha (GVM), Nalbari, Assam