Categories
en8_as_explore_india

Explore India, Quiz Time(Assamese)

by Rupashree Deka, Model School, Barkhetri, Nalbari, Assam

শিকনৰ উদ্দেশ্য: 

  • ছাত্ৰ-ছাত্ৰীয়ে এখন কুইজ কেনেদৰে পৰিচালনা কৰিব লাগে শিকিবলৈ সক্ষম হ
  • ই ছাত্ৰ-ছাত্ৰীৰ শব্দকোষ বৃদ্ধি কৰিব
  • ছাত্ৰ-ছাত্ৰীক বিভিন্ন অনুষ্ঠান যেনে ভাও লোৱা, কবিতা আবৃত্তি, ব্যংগাত্মক নাট, নাটক, তৰ্ক, বক্তৃতা ইত্যাদিত অংশগ্ৰহণ কৰাৰ বাবে উৎসাহ যোগোৱা
  • ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজীতে কেনেদৰে নিজৰ চিনাকী দিব লাগে, তেওঁলোকে কৰা কামৰ ভিত্তিত মানুহক প্ৰশ্ন সুধি কেনেদৰে সাক্ষাৎকাৰ ল’ব লাগে তাক শিকিবলৈ সক্ষম হ’ব
১ম দিন

সময়: ১০ মিনিট

কাৰ্যকলাপ ১:

ছাত্ৰ-ছাত্ৰীয়ে তলৰ কাৰ্যকলাপখিনি সম্পূৰ্ণ কৰিব আৰু শিক্ষকক দেখাব:
কুইজ এখন ………..।(বৌদ্ধিক খেল, প্ৰশ্নোত্তৰ, এটা কাৰ্য, উল্লেখিত সকলোবাৰ)

কুইজ কেৱল ……… ৰ ওপৰতে হয়। (বিজ্ঞান, সাধাৰণ জ্ঞান, বৰ্তমান ঘটনাপ্ৰৱাহ, উল্লেখিত সকলোবাৰ)

কুইজ এখনত ……… টা দল থাকিব পাৰে। (এটা, দুটা, চাৰিটা, বহুতো)

কুইজ এখন পৰিচালনা কৰা ব্যক্তিজনক ………… বোলা হয়। (কুইজ মাষ্টাৰ, আঁত ধৰোঁতা, শিক্ষক, আম্পায়াৰ)
সমল:

শিক্ষকে Google Form, Kahoot, Quizizz ব্যৱহাৰ কৰি কুইজ পৰিচালনা কৰিব পাৰে।

সময়: ৪০ মিনিট

কাৰ্যকলাপ ২:

ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিত ‘Explore India- Quiz time’ পাঠটি মনোযোগেৰে পঢ়িব আৰু নতুন শব্দবোৰ বিচাৰি ল’ব। তাৰ পিছত তেওঁলোকে অভিধানত কঠিন শব্দবোৰ বিচাৰিব আৰু তেওঁলোকৰ বহীত অৰ্থবোৰ লিখিব। সেই নতুন শব্দবোৰ ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীয়ে বাক্য সাজিব আৰু শিক্ষকক দেখুৱাব।

সমল:

অসমীয়াতে ব্যাখ্যা কৰা তলৰ লিংকটো ছাত্ৰ-ছাত্ৰীক চাব ক’ব পাৰে:
https://www.dailyassam.com/2020/01/class-8-english-lesson-3-book-explore.html

সময়:৩০ মিনিট

কাৰ্যকলাপ ৩:

ছাত্ৰ-ছাত্ৰীয়ে অসমীয়াতে বিশ্লেষণ কৰা পাঠটোৰ প্ৰশ্নোত্তৰসমূহৰ বাবে লিংকটো চাব আৰু বহীত লিখি বিদ্যালয়ৰ WhatsApp group ত পঠিয়াই দিব।
সমল: কুইজ প্ৰতিযোগিতা এখনৰ ভিডিও চাবলৈ ছাত্ৰ-ছাত্ৰীয়ে প্ৰদত্ত লিংকটো চাব। তেতিয়া তেওঁলোকে কুইজ এখন কেনেদৰে পৰিচালনা কৰা হয় তাৰ এক ধাৰণা পাব।
তলৰ লিংকটোত পাঠৰ প্ৰশ্ন আৰু উত্তৰ ব্যাখ্যা কৰা আছে।

সময়: ২০ মিনিট

কাৰ্যকলাপ ৪:

ছাত্ৰ-ছাত্ৰীয়ে এখন অনুশীলনমূলক কুইজৰ বাবে ‘স্বাস্থ্য’ৰ ওপৰত পাঁচটা ভাল প্ৰশ্ন প্ৰস্তু কৰিব (COVID-19 ৰ ওপৰত হ’ব পাৰে) আৰু তেওঁলোকৰ ভাই-ভনী আৰু অভিভাৱকৰ লগত মুখামুখিকৈ খেলিব।
খেলাৰ আগত তেওঁলোকে প্ৰশ্নসমূহ শিক্ষকক দেখুৱাব। (শিক্ষকে স্মৰণাত্মক প্ৰশ্নতকৈ অধিক বিশ্লেষণাত্মক প্ৰশ্ন প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰিব।
উদাহৰণ স্বৰূপে যদি তোমাৰ পৰিয়ালত কোনোবা কোভিড পজিটিভ আছে, সুৰক্ষা আৰু ৰোগ বিয়পি নাযাবলৈ কি পদক্ষেপ ল’বা?
a)
b)
c)
d)

২য় দিন

সময়: ২০ মিনিট

কাৰ্যকলাপ ৫:

ছাত্ৰ-ছাত্ৰীয়ে এখন কুইজৰ অনুষ্ঠানৰ বাবে ‘Explore India’ ৰ ওপৰত ১৫টা নতুন প্ৰশ্ন লিখিব আৰু শিক্ষকক দেখুৱাব।

সমল:
সাধাৰণ জ্ঞানৰ কিতাপ/Google/পৰিয়ালৰ সদস্যৰ লগত আলোচনা

৩য় দিন

সময়: ৬০ মিনিট (প্ৰতিটো কাৰ্যৰ বাবে ৩০ মিনিট)

মূল্যায়ণ:
ছাত্ৰ-ছাত্ৰীয়ে পাঠটিৰ পৰা ভাৰতবৰ্ষৰ বিষয়ে কি জানিব পাৰিলে তাৰ ওপৰত এটা প্ৰৱন্ধ লিখিব। (150 শব্দত)ধৰি লোৱা শিক্ষকে তোমাক পাঁচৰাউণ্ড (সাধাৰণ জ্ঞান ৰাউণ্ড, বিজ্ঞান আৰু প্ৰয়ুক্তিবিদ্যাৰ ৰাউণ্ড ইত্যাদি)ৰ এখন কুইজ প্ৰস্তুত আৰু পৰিচালনাৰ দায়িত্ব দিলে। তাৰ বাবে কুইজৰ বিৱৰণ আৰু যোগদানৰ নিৰ্দেশনাসহ তোমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰাৰ বাবে এখন চুটি গোহাৰি প্ৰস্তুত কৰা। (100 শব্দত)

  • Click here to download the lesson plan
  • Prepared by: Rupashree Deka, Model School, Barkhetri, Nalbari, Assam     
  • Edited by: Srabanti Basak, Nikhat Nasrin Khan,   ITE resource Team, TISS, Mumbai     
  • Translated by: Nitumani Kalita, Gramya Vikash Mancha, Assam.
  • Helpline Number : +91 70028 25970, +91 91018 89733