Categories
ss6_as_motion_of_earth

পৃথিৱীৰ গতি (Motion of the Earth)

by Hiramani deka Adarsha Vidyalaya, Pakabetbari, Barpeta, Assam

শিকণীয় উদ্দেশ্য: 

  • ছাত্ৰ-ছাত্ৰীসকলে আহ্নিক গতি আৰু বাৰ্ষিক গতি কি হয় বুজিব পাৰিব 
  • দিন আৰু ৰাতি কিদৰে হয় শিকিব 
  • বাৰ্ষিক গতিৰ ফলত কিদৰে বতৰৰ পৰিবৰ্তন হয় শিকিব 
১ম দিনক্ৰিয়াকলাপ:

সময়: ১০ মিনিট

দিন আৰু ৰাতি কিয় হয়? ভাৱা আৰু ফোনযোগে তোমাৰ  বন্ধু বান্ধবী বা পিতৃ-মাতৃৰ সৈতে আলোচনা কৰা আৰু WhatsApp group ত শিক্ষকৰ লগত মত বিনিময় কৰা ৷

ক্ৰিয়াকলাপ:

এখন বৃত্তাকাৰ কাগজ লোৱা আৰু কাগজখনৰ সোঁমাজত মাৰি বা কাঠি এডাল সুমুৱাই ৰাখা আৰু ইয়াক সূৰ্যৰ পোহৰ পৰা মুকলি আকাশৰ তলত ৰাখা। সম্পূৰ্ণ দিনটোত মাৰিডালৰ ছাঁটো পৰ্যবেক্ষণ কৰা আৰু বিভিন্ন সময়ৰ ব্যৱধানত মাৰিডালৰ ছাঁটো কাগজখনৰ ওপৰত চিহ্নিত কৰা। বিভিন্ন সময়ৰ ব্যৱধানত মাৰিডালৰ ছাঁটোৰ আকাৰ আৰু স্থানৰ পৰিবৰ্তন লক্ষ্য কৰিছানে? এই পৰিবৰ্তনৰ কাৰণসমূহ তোমালোকে বিচাৰিবলৈ চেষ্টা কৰা আৰু নিজৰ টোকাবহীত লিখা।
ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ঠাইৰ যোৱা তিনি-চাৰি মাহৰ ২১তাৰিখৰ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময় বাতৰিকাকত/ দূৰদৰ্শন / Google ৰ সহায় লৈ নিজৰ বহীত লিখিব ৷

সমল লিংক

(এই সমলটিত ছাত্ৰ-ছাত্ৰীয়ে কিদৰে এডাল পেঞ্চিল, আলতীয়া মাটি আৰু এখন কাগজৰ থালৰ সহায়ত সূৰ্যৰ পৰা পোৱা ছাঁৰে পৃথাৱীৰ গতি পৰ্যবেক্ষণ, অনুমান আৰু লিপিৱদ্ধ কৰি এটি সাধাৰণ বেলিঘড়ী সাজিব পাৰি তাৰ ধাৰণা পাব।)

২য় দিন:সময় : ৩০ মিনিট

ক্ৰিয়াকলাপ:

– পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰাৰ ফলত কিদৰে দিন-ৰাতি হয় বুজিবলৈ ছাত্ৰ-ছাত্ৰীয়ে Youtube ত এটা video চাব ৷
– ছাত্ৰ-ছাত্ৰীয়ে দিন আৰু ৰাতিৰ সময়ৰ ভিন্নতা আৰু পৰিভ্ৰমণৰ সময়ত পৃথিৱীৰ স্থানৰ পৰিৱৰ্তনৰ সৈতে ঋতু পৰিৱৰ্তনৰ বিষয়ে বুজিৱলৈ পৃথিৱীৰ পৰিভ্ৰমণৰ এটি ভিডিঅ’ চাব।
বা, তেওঁলোকে বিভিন্ন উৎস, যেনে- কিতাপ, ইণ্টাৰনেট, শিক্ষক বা অভিভাৱকৰ পৰা পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি কিদৰে ঘূৰে, দিন-ৰাতি কিদৰে হয় জানি লব আৰু উপৰোক্ত প্ৰশ্নকেইটাৰ উত্তৰ কৰিব।

Resource:
(এই শিক্ষাসামগ্ৰীত আহ্নিক গতি কিদৰে হয় বুজাত সহায়ক  হ’ব ৷)

(এই সমলটিত কিদৰে ঋতু পৰিৱৰ্তন হয়, তাক বৰ্ণনা কৰা আছে।)
(অধিক তথ্যৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে গুগ’লত বিচাৰিব পাৰে)

সময় : ৩০ মিনিট

ক্ৰিয়াকলাপ:
ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ পাঠ্যপুথিৰ পৰা পাঠটি পঢ়ি ল’ব। তেওঁলোকে পৃথিৱীৰ কক্ষপথৰ প্ৰকৃতিৰ বিষয়ে বুজিৱলৈ পাঠ্যপুথিৰ ক্ৰিয়াকলাপ/Google ৰ সহায়ত নিজৰ টোকাবহীত এটা উপবৃত্ত অংকন কৰিব।
Resource: পাঠ্যপুথি/Google

৩য় দিনসময় : ৬০ মিনিট

মূল্যায়ণ:

– ছাত্ৰ-ছাত্ৰীয়ে ঋতু ভেদে তেওঁলোকে খোৱা বা বজাৰত দেখা শস্য, বতৰীয়া
ফলমূল আৰু শাক-পাছলিৰ বিষয়ে ভাবিব আৰু ঋতু অনুসৰি এখন শস্যৰ তালিকা প্ৰস্তুত কৰিব। তেওঁলোকে তালিকাভূক্ত কৰা শস্যৰ উৎপাদন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি হয় তাকো অন্তৰ্ভূক্ত কৰিব।
– ছাত্ৰ-ছাত্ৰীয়ে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰিব-
– সূৰ্য কিয় উত্তৰ দিশত উদয় আৰু দক্ষিণ দিশত অস্ত নাযায়?
– পৃথিৱীৰ আৱৰ্তন  স্থিৰ হৈ গ’লে কি হ’ব?
– আহ্নিক গতিৰ ফলত প্ৰকৃতিত আন কি কি প্ৰভাৱ পৰে?
যিহেতুকে তোমালোকে পাই আহিছা যে উত্তৰ গোলাৰ্ধৰ বতৰ দক্ষিণ গোলাৰ্ধতকৈ বেলেগ, গতিকে আমাৰ ইয়াত যেতিয়া শীতকাল হয়, তেতিয়া কিছুমান দেশত গ্ৰীষ্ম কাল হয়।
তুমি জানানে অষ্ট্ৰেলিয়াত বৰদিন গ্ৰীষ্ম কালত উদযাপন কৰা হয়?
দহখন দেশৰ নাম আৰু তাত বৰদিন উদযাপন কৰা ঋতুটোৰ নাম লিখি এখন তালিকা প্ৰস্তুত কৰা।

Click here to download the lesson plan

প্ৰস্তুতকৰ্তা: হীৰামনি ডেকা, আদৰ্শ বিদ্যালয়, পাকাবেতবাৰী, বৰপেটা, অসম

সম্পাদনা: Srabanti Basak, ITE Resource Team , TISS, Mumbai

অনুবাদক: নিতুমনি কলিতা, হিমাংশু লহকৰ, গ্ৰাম্য বিকাশ মঞ্চ, অসম

Helpline Number : +91 70028 25970, +91 91018 89733