শিকণীয় উদ্দেশ্য:
- ধাতু আৰু অধাতুৰ বিষয়ে ধাৰণা গঠন
- ধাতু আৰু অধাতুৰ কিছুমান ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ তুলনা
- আমাৰ দৈনন্দিন জীৱনত ধাতু আৰু অধাতুৰ ব্যৱহাৰ
- অসমৰ স্থানীয় কাঁহ-পিতলৰ উদ্যোগৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰকল্প কাৰ্য্য
- প্ৰকল্পটোৱে শিক্ষাৰ্থীসকলক ধাতুৰ মিশ্ৰণ আৰু ইয়াৰ উদ্যোগিক দিশ সম্পৰ্কে এক বাস্তৱ জীৱনৰ সংযোগ কৰিব।
১ম দিন সময়: ৪০ মিনিট ক্ৰিয়াকলাপ: ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিত পাঠটি মনোযোগেৰে পঢ়িব আৰু পাঠ সম্পৰ্কে কিবা শংকা থাকিলে শিক্ষকৰ লগত যোগাযোগ কৰিব। বা ছাত্ৰ-ছাত্ৰীয়ে সমলত (Resources)ত উল্লেখিত লিংকত ভিডিঅ’ চাব আৰু তেওঁলোকৰ মনলৈ অহা প্ৰশ্নবোৰ লিখিব। পাঠ সম্পৰ্কে থকা শংকাবোৰ দূৰ কৰিবলৈ তেওঁলোকে শিক্ষক আৰু অভিভাৱকৰ সহায় ল’ব। সমলসমূহ: (ভিডিঅ’ কেইটাই ধাতু আৰু অধাতু সম্পৰ্কে এক সংক্ষিপ্ত ধাৰণা দিব আৰু লগতে এইসমূহে ধাতু আৰু অধাতুৰ বিভিন্ন ধৰ্মক সামৰি লৈছে।) সময়: ৩০ মিনিট ক্ৰিয়াকলাপ: ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ জীৱনত কিছুমান ধাতু আৰু অধাতুৰ দৈনিক ব্যৱহাৰৰ বিষয়ে বাচি উলিয়াব আৰু সেইসমূহ WhatsApp group পঠিয়াই দিব। ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ চৌপাশে দেখা বস্তুসমূহৰ ফটো বা এখন তালিকা প্ৰস্তুত কৰি পঠিয়াব পাৰে। সমলসমূহ: ITE মাষ্টাৰ ট্ৰেইনাৰ আচিফ ইকবাল চিদ্দিকীৰ তত্বাৱধানত উচ্চতৰ মাধ্যমিক বাণী বিদ্যাপীঠ, চনমাগুৰী, কামৰূপ, অসম-ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এই ITE প্ৰকল্পটি প্ৰস্তুত কৰিছে। এই ITE প্ৰকল্পটি শিক্ষণৰ ফলাফলৰ এক অংশ হিচাবে প্ৰস্তুত কৰা হৈছে। ITE প্ৰকল্পটিয়ে ধাতুৰ কিছুমান ৰাসায়নিক ধৰ্মৰ বিষয়ে বৰ্ণনা কৰিছে। |
২য় দিন সময়: ৬০ মিনিট মূল্যায়ণ:
শিক্ষকে গ্ৰুপত প্ৰশ্ন পঠাব আৰু ছাত্ৰ-ছাত্ৰীক তাৰ উত্তৰ কৰিব ক’ব। বা ধাতু আৰু অধাতুৰ বিষয়ে এক কুইজত অংশগ্ৰহণৰ প্ৰয়াস কৰা আৰু তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে ভাব-বিনিময় কৰাৰ বাবে শিক্ষকে ছাত্ৰ-ছাত্ৰীক Diksha app ডাউনলোড কৰি ল’ব ক’ব পাৰে। সমলসমূহ: |
Click here to download the Lesson Plan in PDF format
প্ৰস্তুতকৰ্তা: আচিফ ইকবাল চিদ্দিকী, উচ্চতৰ মাধ্যমিক বাণী বিদ্যাপীঠ, চনমাগুৰী, কামৰূপ, অসম
সম্পাদনা: নিতুমনি কলিতা, গ্ৰাম্য বিকাশ মঞ্চ, অসম; দুৰ্বা সৰকাৰ, ITE Resource Team, TISS, Mumbai;
অনুবাদক: নিতুমনি কলিতা, গ্ৰাম্য বিকাশ মঞ্চ, অসম
Helpline Number : +91 70028 25970, +91 91018 89733