Categories
ss8_as_settlement

বসতি (Settlement)
ডিম্বেশ্বৰ শৰ্মা, নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী, অসম

শিকনৰ উদ্দেশ্য:

  1. ছাত্ৰ-ছাত্ৰীয়ে মানুহৰ বসতি (Settlement) মানে কি সেইবিষয়ে জ্ঞান লাভ কৰিব
  2. তেওঁলোকে বসতিৰ বিভিন্ন প্ৰকাৰ সম্বন্ধে জ্ঞান লাভ কৰিব
  3. ছাত্ৰ-ছাত্ৰীয়ে গ্ৰাম্য আৰু নগৰীয়া বসতিৰ মাজৰ পাৰ্থক্য সম্পৰ্কে জ্ঞান লাভ কৰিব
  4. ছাত্ৰ-ছাত্ৰীয়ে গাঁও আৰু নগৰৰ মাজত থকা সম্পৰ্কৰ বিষয়ে জ্ঞান লাভ কৰিব
১ম দিন

সময়: ২০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ঘৰৰ চৌপাশে দেখা বিভিন্ন ধৰণৰ বসতিৰ এখন তালিকা প্ৰস্তুত কৰিব আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়া WhatsApp গ্ৰুপ বা মেচেজৰ জৰিয়তে শিক্ষক বা তেওঁলোকৰ অভিভাৱকলৈ প্ৰেৰণ কৰিব।

সময়: ৩০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে পাঠটি মনোযোগেৰে পঢ়িব আৰু আলোচনাৰ জৰিয়তে পাঠ সম্পৰ্কীয় শংকা দূৰ কৰিব। শিক্ষকৰ সৈতে এই আলোচনাটি WhatsApp গ্ৰুপ বা ফোনযোগে কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ অভিভাৱক বা নিজৰ সম্পৰ্কীয়ৰ পৰাও সহায় ল’ব পাৰে।

২য় দিন

সময়: ৩০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ওচৰৰ ২ খন গাঁও আৰু ২ খন চহৰৰ যোৱা পাঁচ বছৰৰ জনসংখ্যা উলিয়াই তুলনা কৰিব আৰু এখন তালিকা (chart)ৰ জৰিয়তে উপস্থাপন কৰিব। এই একেখিনিয়ে তেওঁলোকে তেওঁলোকৰ টোকাবহীত অংকন কৰিব। তেওঁলোকে তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিব:
তুলনা কৰা আৰু ক’ত কিয় জনসংখ্যাৰ পৰিমাণ কম-বেছি হৈছে নিৰ্দ্ধাৰণ কৰা।
• গাঁও আৰু নগৰৰ জনসংখ্যাৰ মাজত কি পাৰ্থক্য দেখিলা?
• ক’ৰ জনসংখ্যা বেছি-গাঁওৰ নে নগৰৰ আৰু কিয়? এখন ফটো লোৱা আৰু শিক্ষকলৈ পঠোৱা বা তোমালোকৰ অভিভাৱকৰ লগত আলোচনা কৰা

সমলসমূহ
ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ অভিভাৱক বা গাঁওবাসীৰ সহায় ল’ব পাৰে আৰু google search কৰিব পাৰে।

সময়: ৩০ মিনিট

ক্ৰিয়াকলাপ:
ছাত্ৰ-ছাত্ৰীয়ে অসম বা তেওঁলোকৰ নিজৰ জিলাখনৰ মেপ এখন উলিয়াই ল’ব আৰু বিভিন্ন গঠনৰ ভূমি আৰু তেনেকুৱা গঠনৰ ভূমিবোৰত কেনেকুৱা কৃষি কৰা হয়, চিনাক্ত কৰিব। তেওঁলোকে প্ৰাপ্ত তথ্যসমূহ তেওঁলোকৰ অভিভাৱকৰ লগত আলোচনা কৰিব বা শিক্ষকলৈ প্ৰেৰণ কৰিব।
সমলসমূহ
ছাত্ৰ-ছাত্ৰীয়ে মেপ/ভূচিত্ৰাৱলী/গুগ’ল মেপৰ সহায় ল’ব পাৰে

৩য় দিন

সময়: ৬০ মিনিট

মূল্যায়ণ:

ছাত্ৰ-ছাত্ৰীয়ে তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিব আৰু শিক্ষক আৰু অভিভাৱকৰ সৈতে বিনিময় কৰিব:

• বিভিন্ন প্ৰকাৰৰ বসতিৰ তাৎপৰ্য কি?
• গাঁও আৰু নগৰ/চহৰৰ বসতিৰ মাজৰ পাৰ্থক্য কি? তেওঁলোকে জনসংখ্যা, কৰ্মসংস্থান, শিক্ষা আৰু অৰ্থনৈতিক ক্ষেত্ৰৰ পাৰ্থক্যও উলিয়াব।

ছাত্ৰ-ছাত্ৰীয়ে কাগজত তেওঁলোকৰ গাঁও/চহৰ/নগৰৰ মেপ আঁকি তেওঁলোকৰ ঘৰ চিহ্নিত কৰিব আৰু সেই গাঁও/চহৰ/নগৰখন কোন প্ৰকাৰৰ বসতিৰ অন্তৰ্ভূক্ত হয় তাক নিৰ্ণয় কৰিব।

সমলসমূহ
ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ অভিভাৱক, পৰিয়ালৰ সদস্য ইত্যাদিৰ সহায় ল’ব পাৰে।
ছাত্ৰ-ছাত্ৰীয়ে নিজৰ গাঁওখনৰ চাবলৈ গুগ’ল মেপৰ সহায় ল’ব পাৰে।
ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথি, ইণ্টাৰনেট বা Diksha appৰ সহায় ল’ব পাৰে আৰু এই বিষয় সম্পৰ্কীয় উৎস চাব পাৰে।

Click here to download the lesson plan

প্ৰস্তুতকৰ্তা: ডিম্বেশ্বৰ শৰ্মা, নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী, অসম

সম্পাদনা: ভনিতা ডেকা, গ্ৰাম্য বিকাশ মঞ্চ, অসম; আইটিই সমল গোট, TISS, মুম্বাই

অনুবাদক: নিতুমনি কলিতা, হিমাংশু লহকৰ, ভনিতা ডেকা, গ্ৰাম্য বিকাশ মঞ্চ, অসম

Helpline Number : +91 70028 25970, +91 91018 89733