শিকনৰ উদ্দেশ্য:
- ছাত্ৰ-ছাত্ৰীয়ে মানুহৰ বসতি (Settlement) মানে কি সেইবিষয়ে জ্ঞান লাভ কৰিব
- তেওঁলোকে বসতিৰ বিভিন্ন প্ৰকাৰ সম্বন্ধে জ্ঞান লাভ কৰিব
- ছাত্ৰ-ছাত্ৰীয়ে গ্ৰাম্য আৰু নগৰীয়া বসতিৰ মাজৰ পাৰ্থক্য সম্পৰ্কে জ্ঞান লাভ কৰিব
- ছাত্ৰ-ছাত্ৰীয়ে গাঁও আৰু নগৰৰ মাজত থকা সম্পৰ্কৰ বিষয়ে জ্ঞান লাভ কৰিব
১ম দিন
সময়: ২০ মিনিট ক্ৰিয়াকলাপ: ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ঘৰৰ চৌপাশে দেখা বিভিন্ন ধৰণৰ বসতিৰ এখন তালিকা প্ৰস্তুত কৰিব আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়া WhatsApp গ্ৰুপ বা মেচেজৰ জৰিয়তে শিক্ষক বা তেওঁলোকৰ অভিভাৱকলৈ প্ৰেৰণ কৰিব। সময়: ৩০ মিনিট ক্ৰিয়াকলাপ: ছাত্ৰ-ছাত্ৰীয়ে পাঠটি মনোযোগেৰে পঢ়িব আৰু আলোচনাৰ জৰিয়তে পাঠ সম্পৰ্কীয় শংকা দূৰ কৰিব। শিক্ষকৰ সৈতে এই আলোচনাটি WhatsApp গ্ৰুপ বা ফোনযোগে কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ অভিভাৱক বা নিজৰ সম্পৰ্কীয়ৰ পৰাও সহায় ল’ব পাৰে। |
২য় দিন
সময়: ৩০ মিনিট ক্ৰিয়াকলাপ: ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ওচৰৰ ২ খন গাঁও আৰু ২ খন চহৰৰ যোৱা পাঁচ বছৰৰ জনসংখ্যা উলিয়াই তুলনা কৰিব আৰু এখন তালিকা (chart)ৰ জৰিয়তে উপস্থাপন কৰিব। এই একেখিনিয়ে তেওঁলোকে তেওঁলোকৰ টোকাবহীত অংকন কৰিব। তেওঁলোকে তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিব: সমলসমূহ সময়: ৩০ মিনিট ক্ৰিয়াকলাপ: |
৩য় দিন
সময়: ৬০ মিনিট মূল্যায়ণ: ছাত্ৰ-ছাত্ৰীয়ে তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিব আৰু শিক্ষক আৰু অভিভাৱকৰ সৈতে বিনিময় কৰিব: • বিভিন্ন প্ৰকাৰৰ বসতিৰ তাৎপৰ্য কি? ছাত্ৰ-ছাত্ৰীয়ে কাগজত তেওঁলোকৰ গাঁও/চহৰ/নগৰৰ মেপ আঁকি তেওঁলোকৰ ঘৰ চিহ্নিত কৰিব আৰু সেই গাঁও/চহৰ/নগৰখন কোন প্ৰকাৰৰ বসতিৰ অন্তৰ্ভূক্ত হয় তাক নিৰ্ণয় কৰিব। সমলসমূহ |
Click here to download the lesson plan
প্ৰস্তুতকৰ্তা: ডিম্বেশ্বৰ শৰ্মা, নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী, অসম
সম্পাদনা: ভনিতা ডেকা, গ্ৰাম্য বিকাশ মঞ্চ, অসম; আইটিই সমল গোট, TISS, মুম্বাই
অনুবাদক: নিতুমনি কলিতা, হিমাংশু লহকৰ, ভনিতা ডেকা, গ্ৰাম্য বিকাশ মঞ্চ, অসম
Helpline Number : +91 70028 25970, +91 91018 89733