শিকনৰ উদ্দেশ্য:
- বিভিন্ন দ্ৰব্যৰ পৃথকীকৰণ কেনেদৰে কৰা হয় আৰু মিশ্ৰণসমূহৰ পৰা কিছুমান দ্ৰব্যৰ পৃথকীকৰণ কিয় প্ৰয়োজন, সেইবিষয়ে ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান লাভ কৰিব।
- দ্ৰব্যৰ পৃথকীকৰণৰ বিভিন্ন পদ্ধতিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান লাভ কৰিব।
- ছাত্ৰ-ছাত্ৰীয়ে ঘণীভৱন, অৱক্ষেপণ আৰু বাষ্পীভৱন প্ৰক্ৰিয়াৰ বিষয়ে জ্ঞান লাভ কৰিব।
| ১ম দিন
সময়: ২০ মিনিট কাৰ্যকলাপ: ধৰি লোৱা তুমি আৰু তোমাৰ বন্ধুৱে এখন পাচলি বজাৰলৈ গৈছিলা আৰু তুমি ১ কে.জি. আলু, ১ কে.জি. জলকীয়া, ১ কে.জি. বীন আৰু তোমাৰ বন্ধুৱে আধা কে.জি. পিয়াজ আৰু আধা কে.জি. ভেণ্ডি কিনি এখন মোনাতে ভৰাই ল’লা। যেতিয়া তোমালোক দুয়োজনে বজাৰৰ পৰা ঘৰলৈ আহি বন্ধুজনক পিয়াজ আৰু ভেণ্ডিখিনি দিব লগা হ’ল, তেতিয়া পিয়াজ আৰু ভেণ্ডিখিনি পৃথক কৰাৰ কাৰণে তুমি কি পদক্ষেপ হাতত ল’বা? পদক্ষেপসমূহ লিপিৱদ্ধ কৰা আৰু শিক্ষকক দেখুওৱা। এটা মিশ্ৰণৰ পৰা বস্তু এটাক পৃথক কৰা প্ৰক্ৰিয়া/পদ্ধতিক কি বুলি কোৱা হয়? মিশ্ৰণসমূহৰ পৰা দ্ৰব্যৰ পৃথকীকৰণ কিয় প্ৰয়োজন? উত্তৰসমূহ টোকাবহীত লিখা আৰু শিক্ষক আৰু অভিভাৱকক দেখুওৱা।
ইণ্টাৰনেট/পাঠ্যপুথি সময়: ৩০ মিনিট কাৰ্যকলাপ: হাতেৰে বাছি উলিওৱা, মৰণা মৰা আৰু জৰা প্ৰক্ৰিয়াসমূহ ভালদৰে বুজি পাবলৈ এটি ভিডিঅ’ চাব। হাতেৰে বাছি উলিওৱা, মৰণা মৰা আৰু জৰা প্ৰক্ৰিয়াসমূহ বুজিবলৈ ইণ্টাৰনেটৰ সহায় ল’ব পাৰে। এই একেখিনি কথা বুজিবলৈ তেওঁলোকে তেওঁলোকৰ পাঠ্যপুথিত থকা Diksha QR code স্কেন কৰি চাব পাৰে। Resource: বিষয়বস্তু ওপৰত ভালদৰে ব্যাখ্যা কৰা ভিডিঅ’ চাবলৈ ছাত্ৰ-ছাত্ৰীয়ে Diksha QR code স্কেন কৰি Diksha app চাব পাৰে। |
| ২য় দিন
সময়: ৩০ মিনিট কাৰ্যকলাপ: অলপ বোকা লৈ এগিলাচ পানীৰ সৈতে মিহলি কৰা। এতিয়া এই মিশ্ৰণটো ২০ মিনিটৰ বাবে থৈ দিয়া। তোমালোকে কেনেধৰণৰ পৰিৱৰ্তন লক্ষ্য কৰিছা? নিজৰ নিৰীক্ষণখিনি টোকাবহীত লিখা আৰু শিক্ষক/অভিভাৱকক দেখুওৱা। কিয় পৰিৱৰ্তনসমূহ ঘটিছে কব পাৰিবানে? পাঠ্যপুথিৰ ৩৯ নং পৃষ্ঠাটো পঢ়া আৰু উত্তৰ উলিওৱা।
পাঠ্যপুথিৰ 39 নং পৃষ্ঠা অধিক জানিবলৈ ছাত্ৰ-ছাত্ৰীয়ে ইণ্টাৰনেটৰ সহায় ল’ব। সময়: ৩০ মিনিট কাৰ্যকলাপ: অলপ চেনী আৰু চাউল লৈ ভালদৰে মিহলি কৰা। এতিয়া দুয়োটা সামগ্ৰী কেনেদৰে পৃথক কৰিবা?
|
| ৩য় দিন
সময়: ৩০ মিনিট মূল্যায়ণ: খালি ঠাই পূৰণ কৰা-
তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰা:
Resource: |
Click here to download the lesson Plan
Prepared by: Hiramani Deka, Adarsha Vidyalaya, Pakabetbari, Barpeta, Assam
Edited by: Srabanti Basak, Nikhat Nasrin Khan, ITE Resource Team, TISS, Mumbai;
Translated by: Nitumani Kalita, Himangshu Lahkar, Gramya Vikash Mancha, Assam
Helpline Number : +91 70028 25970, +91 91018 89733