Categories
seperation_of_substance_as

দ্ৰব্যৰ পৃথকীকৰণ (Seperation of Substance)

Hiramani Deka, Adarsha Vidyalaya, Pakabetbari, Barpeta, Assam

শিকনৰ উদ্দেশ্য:
  1. বিভিন্ন দ্ৰব্যৰ পৃথকীকৰণ কেনেদৰে কৰা হয় আৰু মিশ্ৰণসমূহৰ পৰা কিছুমান দ্ৰব্যৰ পৃথকীকৰণ কিয় প্ৰয়োজন, সেইবিষয়ে ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান লাভ কৰিব।
  2. দ্ৰব্যৰ পৃথকীকৰণৰ বিভিন্ন পদ্ধতিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান লাভ কৰিব।
  3. ছাত্ৰ-ছাত্ৰীয়ে ঘণীভৱন, অৱক্ষেপণ আৰু বাষ্পীভৱন প্ৰক্ৰিয়াৰ বিষয়ে জ্ঞান লাভ কৰিব।
১ম দিন

সময়: ২০ মিনিট

কাৰ্যকলাপ:

ধৰি লোৱা তুমি আৰু তোমাৰ বন্ধুৱে এখন পাচলি বজাৰলৈ গৈছিলা আৰু তুমি ১ কে.জি. আলু, ১ কে.জি. জলকীয়া, ১ কে.জি. বীন আৰু তোমাৰ বন্ধুৱে 

আধা কে.জি. পিয়াজ আৰু আধা কে.জি. ভেণ্ডি কিনি এখন মোনাতে ভৰাই ল’লা। 

যেতিয়া তোমালোক দুয়োজনে বজাৰৰ পৰা ঘৰলৈ আহি বন্ধুজনক পিয়াজ আৰু ভেণ্ডিখিনি দিব লগা হ’ল, তেতিয়া পিয়াজ আৰু ভেণ্ডিখিনি পৃথক কৰাৰ কাৰণে তুমি কি পদক্ষেপ হাতত ল’বা? পদক্ষেপসমূহ লিপিৱদ্ধ কৰা আৰু শিক্ষকক দেখুওৱা।

এটা মিশ্ৰণৰ পৰা বস্তু এটাক পৃথক কৰা প্ৰক্ৰিয়া/পদ্ধতিক কি বুলি কোৱা হয়? 

মিশ্ৰণসমূহৰ পৰা দ্ৰব্যৰ পৃথকীকৰণ কিয় প্ৰয়োজন? উত্তৰসমূহ টোকাবহীত লিখা আৰু শিক্ষক আৰু অভিভাৱকক দেখুওৱা। 


Resource:

ইণ্টাৰনেট/পাঠ্যপুথি

সময়: ৩০ মিনিট

কাৰ্যকলাপ:

হাতেৰে বাছি উলিওৱা, মৰণা মৰা আৰু জৰা প্ৰক্ৰিয়াসমূহ ভালদৰে বুজি পাবলৈ এটি ভিডিঅ’ চাব। 

হাতেৰে বাছি উলিওৱা, মৰণা মৰা আৰু জৰা প্ৰক্ৰিয়াসমূহ বুজিবলৈ ইণ্টাৰনেটৰ সহায় ল’ব পাৰে।

এই একেখিনি কথা বুজিবলৈ তেওঁলোকে তেওঁলোকৰ পাঠ্যপুথিত থকা   Diksha QR code স্কেন কৰি চাব পাৰে।

Resource:

বিষয়বস্তু ওপৰত ভালদৰে ব্যাখ্যা কৰা ভিডিঅ’ চাবলৈ ছাত্ৰ-ছাত্ৰীয়ে  Diksha QR code স্কেন কৰি  Diksha  app চাব পাৰে।

২য় দিন

সময়: ৩০ মিনিট

কাৰ্যকলাপ:

অলপ বোকা লৈ এগিলাচ পানীৰ সৈতে মিহলি কৰা। এতিয়া এই মিশ্ৰণটো ২০ মিনিটৰ বাবে থৈ দিয়া। তোমালোকে কেনেধৰণৰ পৰিৱৰ্তন লক্ষ্য কৰিছা? নিজৰ নিৰীক্ষণখিনি টোকাবহীত লিখা আৰু শিক্ষক/অভিভাৱকক দেখুওৱা। কিয় পৰিৱৰ্তনসমূহ ঘটিছে কব পাৰিবানে?

পাঠ্যপুথিৰ ৩৯ নং পৃষ্ঠাটো পঢ়া আৰু উত্তৰ উলিওৱা।


Resource:

পাঠ্যপুথিৰ 39 নং পৃষ্ঠা

অধিক জানিবলৈ ছাত্ৰ-ছাত্ৰীয়ে ইণ্টাৰনেটৰ সহায় লব।

সময়: ৩০ মিনিট

কাৰ্যকলাপ:

অলপ চেনী আৰু চাউল লৈ ভালদৰে মিহলি কৰা। এতিয়া দুয়োটা সামগ্ৰী কেনেদৰে পৃথক কৰিবা?

  • তোমালোকে এই মিশ্ৰণটোত কিছুপৰিমাণে পানী মিহলি কৰিব পাৰা যাতে চেনীখিনি পানীত দ্ৰৱীভূত হয় আৰু চাউলখিনি চেকনীৰে চেকি পৃথক কৰিব পাৰি। 
  • এতিয়া পানীৰ পৰা চেনীখিনি পৃথক কৰিবলৈ মিশ্ৰণটো গৰম কৰা। জুলীয়া দ্ৰৱখিনি প্ৰায় নোহোৱা হোৱালৈকে মিশ্ৰণখিনি উতলাই থাকা। 
  • এখন ধাতুৰ থালত কিছু পৰিমাণে বৰফ লোৱা আৰু উতলা মিশ্ৰণখিনিৰ  পৰা নিৰ্গত হোৱা ভাপৰ ওপৰত এনেদৰে ধৰা যাতে পানীৰ টোপালবোৰ অন্য পাত্ৰ এটাত পৰে। এনেদৰে পানীখিনি এন্য এটা পাত্ৰত পৃথক হ’ব আৰু চেনীখিনি আগৰ পাত্ৰটোত ৰৈ যাব।   
  • এতিয়া তোনালোকে পাঠটি পঢ়া আৰু এই কাৰ্যৰ লগত সম্পৰ্ক থকা বিভিন্ন  পদ্ধতিসমূহ তাৰ সংজ্ঞাৰ সৈতে লিখা।

    Resource:

    পাঠ্যপুথি/ইণ্টাৰনেট
৩য় দিন

সময়: ৩০ মিনিট

মূল্যায়ণ:

খালি ঠাই পূৰণ কৰা-

    1. শস্যৰ বাকলি/পতান_________ ৰে সৰহ সংখ্যক বীজৰ পৰা পৃথক কৰিব পাৰি।
    2. এটা পদাৰ্থৰ মিশ্ৰণত _______ দ্বাৰা অধিক পৰিমাণে পদাৰ্থ দ্ৰৱীভূত কৰিব পাৰি।
    3. পাচলিৰ মিশ্ৰণৰ পৰা জলকীয়াৰ পৃথকীকৰণক _______ বুলি কোৱা হয়।
    4. বালিৰ পৰা শিলৰ পৃথকীকৰণক _______ বুলি কোৱা হয়।

তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰা:

  • গাখীৰ উতলোৱাৰ পিছত যেতিয়া ঠাণ্ডা হয়, তেতিয়া গাখীৰৰ পৰা সৰখিনি পৃথক কৰাৰ কাৰণে এখন কাপোৰৰ ওপৰত ঢালি দিয়া হয়। এই প্ৰক্ৰিয়াক কি বোলা হয়?
  • আমি জানো যে সাগৰৰ পানীৰ পৰা নিমখ আহৰণ কৰা হয়। সাগৰৰ পানীৰ পৰা নিমখ আহৰণ কৰা প্ৰক্ৰিয়াটো কি?
  • তোমাৰ মাৰাই তোমাক গেলামালৰ দোকানৰ পৰা চাহপাত আৰু জীৰা আনিব ক’লে। উভতি অহাৰ সময়ত, দুয়োটা পেকেট ফাটি গৈ চাহপাত আৰু জীৰা মিহলি হৈ গ’ল। এতিয়া তুমি চাহপাত আৰু জীৰা কেনেদৰে পৃথক কৰিবা?

Resource:

Click here to download the lesson Plan

Prepared by: Hiramani Deka, Adarsha Vidyalaya, Pakabetbari, Barpeta, Assam

Edited by: Srabanti Basak, Nikhat Nasrin Khan,  ITE Resource Team, TISS, Mumbai;

Translated by: Nitumani Kalita, Himangshu Lahkar, Gramya Vikash Mancha, Assam

Helpline Number : +91 70028 25970, +91 91018 89733