Categories
math8_as_data

তথ্যৰ ব্যৱহাৰ (Uses of Data)

by Asif Iqbal Siddiki, HS Bani Bidyapith, Chanmaguri, Kamrup (Rural), Assam

শিক্ষণত উদ্দেশ্য:

  • ছাত্ৰ-ছাত্ৰীয়ে আমাৰ দৈনন্দিনত জীৱনত তথ্যৰ গুৰুত্ব বুজি পাব।
  • ছাত্ৰ-ছাত্ৰীয়ে তথ্য কেনেদৰে সংগ্ৰহ কৰিব লাগে আৰু কেনেদৰে উপস্থাপন কৰিব লাগে শিকিব।
  • ছাত্ৰ-ছাত্ৰীয়ে তথ্য এবিধ উপস্থাপন কৰাৰ বিভিন্ন উপায়সমূহ জানিব।
১ম দিন

সময়: ২০ মিনিট

কাৰ্যকলাপ ১:

ছাত্ৰ-ছাত্ৰীয়ে পাকঘৰত পোৱা পাচলিবোৰৰ এখন তালিকা প্ৰস্তুত কৰিব। তেওঁলোকে যিকোনো লেখচিত্ৰ ব্যৱহাৰ কৰি ইয়াক উপস্থাপন কৰিব। তাৰপিছত তেওঁলোকে তেওঁলোকৰ শিক্ষকক দেখুৱাব।

সময়: ৪০ মিনিট

কাৰ্যকলাপ ২:

ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পৰিয়ালৰ সদস্যসকলৰ উচ্চতা আৰু ওজন ল’ব আৰু BMI উলিয়াব। তেওঁলোকে এইবোৰ এখন লেখচিত্ৰৰে উপস্থাপন কৰিব আৰু কোনগৰাকীৰ BMI আটাইতকৈ বেছি চিনাক্ত কৰিব। (দণ্ড চিত্ৰ)
(দ্বৈত দণ্ড চিত্ৰ)

২য় দিন

সময়: ২০ মিনিট

কাৰ্যকলাপ ৩:

ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ বন্ধু-বান্ধৱী আৰু ভাই-ভনীৰ লগত তেওঁলোকৰ প্ৰিয় খেলৰ বিষয়ে সমীক্ষা কৰিব আৰু লেখচিত্ৰৰে ইয়াক উপস্থাপন কৰিব। https://www.toppr.com/content/video/frequency-distribution-table-hindi-120279/ (বাৰাংবাৰতা বিভাজন তালিকা frequency distribution table)

সময়: ২০ মিনিট

কাৰ্যকলাপ ৪:

ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ ঠাইৰ সমীক্ষাৰ তথ্য উপস্থাপন কৰিব য’ত তেওঁলোকৰ ঠাইৰ শিক্ষিতৰ হাৰ দেখুওৱা হ’ব। (পাই চিত্ৰ)

৩য় দিন

সময়: প্ৰতিটো কাৰ্যৰ বাবে ৩০ মিনিট

মূল্যায়ণ:

ছাত্ৰ-ছাত্ৰীয়ে আমাৰ দৈনন্দিন জীৱনত তথ্যৰ কি কি ব্যৱহাৰ তাৰ ওপৰত তিনিটা কাৰণ লিখিব।

ছাত্ৰ-ছাত্ৰীয়ে দুই সপ্তাহৰ বাতৰি-কাকত সংগ্ৰহ কৰি তাত নিজৰ চহৰ/গাঁৱৰ তাপমাত্ৰা চাই ল’ব। তেওঁলোকে সেই তথ্যখিনিৰ পৰা যোৱা দুই সপ্তাহৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰাৰ সৈতে দুটা পৃথক লেখচিত্ৰ বনাব আৰু শিক্ষকক দেখুৱাব।

ছাত্ৰ-ছাত্ৰীয়ে ওচৰৰ খাদ্য বিপনী/ৰেষ্টুৰেণ্টত এদিনৰ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত গ্ৰাহকৰ উপস্থিতিৰ বিষয়ে সুধিব আৰু পাইচিত্ৰৰে উপস্থাপন কৰিব। তেওঁলোকে তাৰপিছত শিক্ষকক দেখাব।

Click here to download the lesson plan

Prepared by: Asif Iqbal Siddiki, HS Bani Bidyapith, Chanmaguri, Kamrup (Rural), Assam

Edited by: SrabantiBasak, ITE resource Team, TISS, Mumbai

Translated by: Nitumani Kalita, Gramya Vikash Mancha (GVM), Nalbari, Assam.