শিক্ষণত উদ্দেশ্য:
- ছাত্ৰ-ছাত্ৰীয়ে আমাৰ দৈনন্দিনত জীৱনত তথ্যৰ গুৰুত্ব বুজি পাব।
- ছাত্ৰ-ছাত্ৰীয়ে তথ্য কেনেদৰে সংগ্ৰহ কৰিব লাগে আৰু কেনেদৰে উপস্থাপন কৰিব লাগে শিকিব।
- ছাত্ৰ-ছাত্ৰীয়ে তথ্য এবিধ উপস্থাপন কৰাৰ বিভিন্ন উপায়সমূহ জানিব।
১ম দিন
সময়: ২০ মিনিট কাৰ্যকলাপ ১: ছাত্ৰ-ছাত্ৰীয়ে পাকঘৰত পোৱা পাচলিবোৰৰ এখন তালিকা প্ৰস্তুত কৰিব। তেওঁলোকে যিকোনো লেখচিত্ৰ ব্যৱহাৰ কৰি ইয়াক উপস্থাপন কৰিব। তাৰপিছত তেওঁলোকে তেওঁলোকৰ শিক্ষকক দেখুৱাব। সময়: ৪০ মিনিট কাৰ্যকলাপ ২: ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পৰিয়ালৰ সদস্যসকলৰ উচ্চতা আৰু ওজন ল’ব আৰু BMI উলিয়াব। তেওঁলোকে এইবোৰ এখন লেখচিত্ৰৰে উপস্থাপন কৰিব আৰু কোনগৰাকীৰ BMI আটাইতকৈ বেছি চিনাক্ত কৰিব। (দণ্ড চিত্ৰ) |
২য় দিন
সময়: ২০ মিনিট কাৰ্যকলাপ ৩: ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ বন্ধু-বান্ধৱী আৰু ভাই-ভনীৰ লগত তেওঁলোকৰ প্ৰিয় খেলৰ বিষয়ে সমীক্ষা কৰিব আৰু লেখচিত্ৰৰে ইয়াক উপস্থাপন কৰিব। https://www.toppr.com/content/video/frequency-distribution-table-hindi-120279/ (বাৰাংবাৰতা বিভাজন তালিকা frequency distribution table) সময়: ২০ মিনিট কাৰ্যকলাপ ৪: ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ ঠাইৰ সমীক্ষাৰ তথ্য উপস্থাপন কৰিব য’ত তেওঁলোকৰ ঠাইৰ শিক্ষিতৰ হাৰ দেখুওৱা হ’ব। (পাই চিত্ৰ) |
৩য় দিন
সময়: প্ৰতিটো কাৰ্যৰ বাবে ৩০ মিনিট মূল্যায়ণ: ছাত্ৰ-ছাত্ৰীয়ে আমাৰ দৈনন্দিন জীৱনত তথ্যৰ কি কি ব্যৱহাৰ তাৰ ওপৰত তিনিটা কাৰণ লিখিব। ছাত্ৰ-ছাত্ৰীয়ে দুই সপ্তাহৰ বাতৰি-কাকত সংগ্ৰহ কৰি তাত নিজৰ চহৰ/গাঁৱৰ তাপমাত্ৰা চাই ল’ব। তেওঁলোকে সেই তথ্যখিনিৰ পৰা যোৱা দুই সপ্তাহৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰাৰ সৈতে দুটা পৃথক লেখচিত্ৰ বনাব আৰু শিক্ষকক দেখুৱাব। ছাত্ৰ-ছাত্ৰীয়ে ওচৰৰ খাদ্য বিপনী/ৰেষ্টুৰেণ্টত এদিনৰ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত গ্ৰাহকৰ উপস্থিতিৰ বিষয়ে সুধিব আৰু পাইচিত্ৰৰে উপস্থাপন কৰিব। তেওঁলোকে তাৰপিছত শিক্ষকক দেখাব। |
Click here to download the lesson plan
Prepared by: Asif Iqbal Siddiki, HS Bani Bidyapith, Chanmaguri, Kamrup (Rural), Assam
Edited by: SrabantiBasak, ITE resource Team, TISS, Mumbai
Translated by: Nitumani Kalita, Gramya Vikash Mancha (GVM), Nalbari, Assam.