শিকনৰ উদ্দেশ্য:
- ছাত্ৰ-ছাত্ৰীয়ে আমাৰ জীৱনৰ মৌলিক প্ৰয়োজন আৰু ইয়াৰ গুৰুত্ব শিকিব আৰু বুজিব।
- তেওঁলোকে বিভিন্ন ঠাইৰ খাদ্যাভ্যাস, সাজ-পোছাক আৰু বাসগৃহৰ বিষয়ে জানিব পাৰিব
১ম দিন
সময়: ৩০ মিনিট
কাৰ্যকলাপ ১:
ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ জীৱনত প্ৰয়োজনীয় (অত্যাৱশ্যকীয়) সামগ্ৰীসমূহ আৰু তেওঁলোকৰ জীৱনত আকাংক্ষিত সামগ্ৰীসমূহৰ এখন তালিকা প্ৰস্তুত কৰিব। তালিকাভূক্ত কৰাৰ পিছত তেওঁলোকৰ উত্তৰসমূহ যুক্তিপূৰ্ণভাৱে প্ৰতিপন্ন কৰিব আৰু শিক্ষক/অভিভাৱকক দেখুৱাব। (উদাহৰণস্বৰূপে- যদি ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োজনীয় স্তম্ভত ‘পানী’ লিখে তেতিয়া ছাত্ৰ/ছাত্ৰী গৰাকীয়ে পানী কিয় প্ৰয়োজনীয় উল্লেখ কৰিব লাগিব।)

২য় দিন ২০ মিনিট
কাৰ্যকলাপ ২:
ছাত্ৰ-ছাত্ৰীয়ে অধ্যায়টোৰ ওপৰত Diksha app ত থকা দুটা ভিডিঅ’ চাব। তাৰপিছত তেওঁলোকে অধ্যায়টো পঢ়ি মনৰ খু-দুৱনিবোৰ চিহ্নিত কৰিব যিবোৰ তেওঁলোকে শিক্ষকৰ লগত WhatsApp group ত/ফোন কৰি আলোচনা কৰিব।
সংশ্লিষ্ট সমল লিংক: Diksha app অসমীয়া |
২য় দিন ২০ মিনিট
কাৰ্যকলাপ ৩:
ছাত্ৰ-ছাত্ৰীয়ে ইণ্টাৰনেট/অভিভাৱক/ভাই-ভনীৰ সৈতে আলোচনা কৰি ভাৰতবৰ্ষৰ ১০ খন ৰাজ্যৰ (অঞ্চল অনুযায়ী) আৰু আমাৰ অসমৰ উত্তৰ, পূৱ, পশ্চিম, দক্ষিণ প্ৰান্তৰ প্ৰধান খাদ্য, পৰম্পৰাগত সাজ-পোছাকৰ নাম বিচাৰি উলিয়াব। তেওঁলোকে ভিন্ন ৰাজ্যৰ কিয় ভিন্ন খাদ্যাভ্যাস আৰু সাজ-পোছাকত ব্যৱহৃত সামগ্ৰী কিয় ভিন্ন হয় তাৰ কাৰণো উলিয়াব। ছাত্ৰ-ছাত্ৰীয়ে এইবোৰ শিক্ষক/অভিভাৱকক দেখুৱাব। (যদি তেওঁলোকে ইণ্টাৰনেট ভালদৰে ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ’লে এইবোৰৰ ছবি সংগ্ৰহ কৰিব।)

২য় দিন ২০ মিনিট
কাৰ্যকলাপ ৪:
ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ খাদ্যাভ্যাসসমূহ লিখিব আৰু তাৰ পিছত তেওঁলোকে মূল আহাৰ আৰু উপ আহাৰ হিচাবে শ্ৰেণীৱদ্ধ কৰিব। তেওঁলোকে ইয়াকো বিচাৰিব যে ‘কি খাদ্য তেওঁলোকৰ প্ৰয়োজন আৰু তেওঁলোকে কি বিচাৰে’। তেওঁলোকে তেওঁলোকৰ মতামত শিক্ষক/অভিভাৱকক জনাব।
২য় দিন ২০ মিনিট
কাৰ্যকলাপ ৫:
শিক্ষকে ছাত্ৰ-ছাত্ৰীক বাসস্থান কি আৰু আমাক বাসস্থানৰ কিয় প্ৰয়োজন সুধিব? ছাত্ৰ-ছাত্ৰীয়ে ইয়াকো উলিয়াব যে বাসস্থান থকাটো প্ৰয়োজন নে কাৰোবাৰ আকাংক্ষা। ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ বিষয়ে অধ্যয়ন কৰিব আৰু শিক্ষকক দেখুৱাব। |
৩য় দিন
সময়: ৯০ মিনিট (প্ৰতিটো কাৰ্যৰ বাবে ৩০ মিনিট)
মূল্যায়ণ:
খালীঠাই পূৰ কৰা
বৰফৰ টুকুৰাৰে সজা কৰা ঘৰক………..বোলা হয়।
আমি দিনত গ্ৰহণ কৰা দুটা প্ৰধান খাদ্যৰ নাম হ’ল…………
আমি………….চাংঘৰ (টঙিঘৰ) দেখিবলৈ পাওঁ।
আমাৰ জীৱনৰ মৌলিক প্ৰয়োজনসমূহ হ’ল…………
‘প্ৰকৃতিয়ে আমাৰ প্ৰয়োজনসমূহ পূৰণ কৰাত আমাক কেনেদৰে সহায় কৰে’- ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ ওপৰত বহীত এটি দফা লিখি WhatsApp group ত পঠিয়াই দিব।
জীয়াই থাকিবলৈ আৰু বিকাশৰ বাবে তুমি মৌলিক প্ৰয়োজন কি বুলি ভাৱা? আমাৰ যিকোনো দুবিধ প্ৰয়োজনৰ নাম কি? |
Click here to download the lesson plan
Prepared by: Hiramani Deka, Adarsha Vidyalaya, Pakabetbari, Barpeta, Assam
Edited by: ITE resource Team, TISS, Mumbai
Translated by: Nitumani Kalita, Gramya Vikash Mancha, Assam.
Post Views:
193