Categories
sci6_as_f2f

আঁহৰ পৰা কাপোৰলৈ(Fibre to Fabric)

Kaveri Borthakur, Milan Higher Secondary School, Banekuchi,Nalbari, Assam

শিক্ষণৰ উদ্দেশ্য:

  • ছাত্ৰ-ছাত্ৰীক আঁহৰ প্ৰকাৰ আৰু ইয়াৰ উৎসৰ বিষয়ে জ্ঞান দিয়া।
  • আঁহক কাপোৰত পৰিণত কৰা বিভিন্ন পদ্ধতিসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক জ্ঞান দিয়া।
  • আমাৰ কাপোৰৰ উপাদানসমূহৰ ঐতিহাসিক তাৎপৰ্যৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক সজাগ কৰোঁৱা।
১ম দিন

সময়: ২০ মিনিট

কাৰ্যকলাপ ১:

ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ ঘৰৰ পৰা পৃথক পৃথক পোছাক/কাপোৰ সংগ্ৰহ কৰি সেই কাপোৰবোৰত ব্যৱহাৰ হোৱা আঁহৰ নাম লিখিব। তেওঁলোকে তলৰ তালিকা খন পূৰ কৰি শিক্ষক/অভিভাৱকক দেখুৱাব।

সময়: ৩০ মিনিট

কাৰ্যকলাপ ২:

ছাত্ৰ-ছাত্ৰীয়ে পাঠটি মনোযোগেৰে পঢ়িব আৰু নিজৰ শংকাবোৰ চিহ্নিত কৰিব। শংকাবোৰ দূৰ কৰিবলৈ তেওঁলোকে শিক্ষক/অভিভাৱকক সুধিব। তাৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে ‘আঁহৰ শ্ৰেণীবিভাজন’ (বিভিন্ন প্ৰকাৰৰ আঁহ আৰু ইয়াক কেনেদৰে আহৰণ কৰা হয়, তাৰ বিষয়ে তেওঁলোকৰ প্ৰাথমিক ধাৰণা) নামেৰে এখন তালিকা প্ৰস্তুত কৰিব আৰু শিক্ষক/অভিভাৱকক দেখুৱাব।ছাত্ৰ-ছাত্ৰীয়ে আমাৰ জীৱনত ‘খাদী’ৰ ঐতিহাসিক তাৎপৰ্যৰ বিষয়ে এখন চুটি ছবি কেইমিনিটমান/(৩মিনিট ১৮ ছেকেণ্ড) চাব পাৰে।

সমল লিংক:

ছাত্ৰ-ছাত্ৰীয়ে পাঠটি ভালদৰে বুজাৰ বাবে প্ৰদত্ত লিংক (a)টো চাব পাৰে।

(আঁহৰ পৰা কাপোৰলৈ বিষয়ে হিন্দীত এটা ভাল ভিডিঅ’) বা

(হিন্দীত ব্যাখ্যা-বৈকল্পিক)

a)

(NCERT-পাঠটি ভালদৰে পঢ়া হৈছে আৰু হিন্দীত ব্যাখ্যা কৰা আছে)

c)

(খাদীৰ বিষয়ে এখন চুটি ছবি)

সময়: ৩০ মিনিট

কাৰ্যকলাপ ৩:

আঁহ কেনেদৰে আহৰণ কৰা হয় আৰু কাপোৰ প্ৰস্তুত কৰাত জড়িত স্তৰসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে লিখিব আৰু শিক্ষক/অভিভাৱকক দেখুৱাব। (ৰেচম, কপাহ, ঊণ, মৰাপাট)

সমল লিংক:

আঁহ কেনেদৰে আহৰণ কৰা হয় আৰু কাপোৰ প্ৰস্তুত কৰাত জড়িত স্তৰসমূহৰ বিষয়ে এক ধাৰণা পাবৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে প্ৰজত্ত লিংক (b) চাব পাৰে।b) https://www.slideshare.net/NandithaAkunuri/fibre-to-fabric-class-vi (slideshow on fibre to fabrics)

২য় দিন

সময়:

প্ৰতিটো কাৰ্যৰ বাবে ২০ মিনিট

মূল্যায়ণ:

ভাৰতবৰ্ষত কাপোৰৰ ইতিহাসৰ বিষয়ে এটি দফা লিখা। অসমত প্ৰধানকৈ কোন প্ৰকাৰৰ আঁহ ব্যৱহাৰ কৰা হয় আৰু কিয়? সেই আঁহবিধ কিহৰ পৰা আহৰণ কৰা হয়? কোন প্ৰকাৰৰ আঁহে পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে আৰু কিয়?

ন’মেক্স, স্পাণ্ডেক্স, কয়ৰ, লিয়’চেল, পলিয়েষ্টাৰ আঁহৰ উৎসসমূহ কি কি লিখা।

  • Click here to download the lesson plan
  • Prepared by: Kaveri Borthakur, Milan Higher Secondary School, Banekuchi,Nalbari, Assam ;
  • Edited by: SrabantiBasak;Nikhat Nasrin Khan; ITE resource Team, TISS, Mumbai
  • Translated by: Nitumani Kalita, Gramya Vikash Mancha (GVM), Nalbari, Assam.