শিকণৰ উদ্দেশ্য:
- ছাত্ৰ-ছাত্ৰীক প্ৰাকৃতিক আৰু কৃত্ৰিম (সাংশ্লেষিক) আঁহৰ মাজত থকা পাৰ্থক্য আৰু ইয়াৰ উৎসসমূহৰ বিষয়ে জ্ঞান দিয়া
- কৃত্ৰিম (সাংশ্লেষিক) আঁহ আৰু প্লাষ্টিকৰ বিভিন্ন ব্যৱহাৰৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক জ্ঞান দিয়া
- প্লাষ্টিকৰ পৰা পৰিৱেশত হোৱা অপকাৰসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক সজাগ কৰা
| ১ম দিন সময়: ২০ মিনিটক্ৰিয়াকলাপ:ছাত্ৰ-ছাত্ৰীয়ে চৌপাশৰ পৰা প্ৰাকৃতিক আৰু মানৱ-সৃষ্ট আঁহেৰে বনোৱা বিভিন্ন বস্তুৰ এখন তালিকা প্ৰস্তুত কৰিব। তেওঁলোকে সেই তালিকাখন তেওঁলোকৰ শিক্ষকক দেখাব। সমল উৎসসমূহ: সময়: ৪০ মিনিট ক্ৰিয়াকলাপ: ছাত্ৰ-ছাত্ৰীয়ে মনোযোগেৰে পাঠটো পঢ়িব আৰু তেওঁলোকৰ প্ৰশ্ন বা শংকাবোৰ লিখিব। তেওঁলোকে প্ৰশ্ন/শংকাবোৰ শিক্ষক/অভিভাৱকৰ সৈতে আলোচনা কৰিব।
সমল উৎসসমূহ: শিক্ষকে ছাত্ৰ-ছাত্ৰীক Diksha app ডাউনলোড কৰিবলৈ উপদেশ দিয়াৰ লগতে সহায় কৰিব, য’ত পাঠটো বৰ্ণনা কৰা ভিডিঅ’ তেওঁলোকে চাব পাৰিব। |
| ২য় দিন সময়: ৪৫ মিনিটক্ৰিয়াকলাপ: ছাত্ৰ-ছাত্ৰীয়ে প্ৰাকৃতিক আৰু মানৱ-সৃষ্ট আঁহৰ বিভিন্ন উপাদানসমূহ, কিমান প্ৰকাৰৰ আঁহ আছে আৰু সেইবোৰ ক’ত ব্যৱহাৰ হয় উলিয়াই ল’ব। পৰীক্ষাগাৰত মানৱ-সৃষ্ট আঁহসমূহ কিদৰে প্ৰস্তুত কৰা হয় তাকো উলিয়াব। ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ চৌপাশৰ পৰা প্ৰতিবিধ আঁহেৰে বনোৱা পাঁচবিধ বস্তু বিচাৰি ল’ব। তেওঁলোকে উপাদানসমূহ, আঁহৰ প্ৰকাৰ উদাহৰণসহ টোকাবহীত লিখিব আৰু শিক্ষক/অভিভাৱকক দেখাব। (ছাত্ৰ-ছাত্ৰীয়ে পূৰ্ব্বতে প্ৰস্তুত কৰা তালিকাখনৰ কথাও উল্লেখ কৰিব পাৰে) ছাত্ৰ-ছাত্ৰীয়ে পাটপলুৰ জীৱন চক্ৰ আৰু আমি কিদৰে তাৰ পৰা পাটসূতা পাওঁ তাক বিচাৰি উলিয়াব। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সৰ্ব্বাধিক পাট উৎপন্ন কৰে? ছাত্ৰ-ছাত্ৰীয়ে তাপনমনীয় প্লাষ্টিক আৰু তাপদৃঢ় প্লাষ্টিক কি উলিয়াব। তেওঁলোকে উদাহৰণসহ ব্যাখ্যা কৰিব। |
| ৩য় দিন সময়: ৪৫ মিনিট মূল্যায়ণ: কাৰ্যকলাপ ১: (মূল্যায়ণ)
সময়: ৪০ মিনিট কাৰ্যকলাপ ২: (মূল্যায়ণ) ছাত্ৰ-ছাত্ৰীয়ে তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিব:
|
Click here to download the lesson plan
Prepared by: Kaveri Borthakur, Milan Higher Secondary School, Banekuchi, Nalbari, Assam
Edited by: Nikhat Nasrin Khan, ITE Resource Team, TISS,
Translated by: Nitumani Kalita, Gramya Vikash Mancha, Assam
Helpline Number : +91 70028 25970, +91 91018 89733