শিকনীয় উদ্দেশ্য:
- ছাত্ৰ-ছাত্ৰীয়ে মানৱ সম্পদ কি, ইয়াৰ বিকাশ আৰু উন্নয়নৰ বিষয়ে জানিব।
- ছাত্ৰ-ছাত্ৰীয়ে জনসংখ্যা আৰু মানৱ সম্পদৰ মাজত থকা সম্পৰ্কৰ বিষয়ে জানিব।
- ছাত্ৰ-ছাত্ৰীয়ে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ আৰু আৰ্থ-সামাজিক উন্নয়নত মানৱ সম্পদৰ প্ৰভাৱৰ বিষয়ে জানিব।
- ছাত্ৰ-ছাত্ৰীয়ে মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকাৰ বিষয়ে জানিব।
১ম দিন
সময়: ২০ মিনিটক্ৰিয়াকলাপ
কাৰ্যকলাপ ১:
ছাত্ৰ-ছাত্ৰীয়ে মানৱ সম্পদৰ বিষয়ে সাধাৰণ ধাৰণা পাৱৰ বাবে পাঠ্যপুথিত পাঠটি মনোযোগেৰে পঢ়িব। তেওঁলোকে মনলৈ অহা শংকাবোৰ লিপিৱদ্ধ কৰিব আৰু শিক্ষক/অভিভাৱকৰ লগত আলোচনা কৰিব।সময়: ৪৫ মিনিট
কাৰ্যকলাপ ২:
ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ আশে-পাশে থকা দুখন গাঁও/চহৰ বাছি ল’ব। তেওঁলোকে গাঁও/চহৰৰ জনসংখ্যা আৰু সেই দুখন গাঁও/চহৰৰ শিক্ষিতৰ হাৰ বিচাৰি উলিয়াব। তেওঁলোকে নিম্নলিখিত বিষয়সমূহ বিচাৰিবলৈ চেষ্টা কৰিব:
- লিংগ ভিত্তিত শিক্ষিতৰ হাৰ
- লিংগ ভিত্তিত কৰ্মসক্ষমতাৰ হাৰ
- ইয়াৰোপৰিও ছাত্ৰ-ছাত্ৰীয়ে তথ্যসমূহ বিশ্লেষণ কৰিব আৰু তুলনা কৰিব আৰু সাক্ষৰতা আৰু কৰ্মসক্ষমতাৰ মাজৰ সম্পৰ্ক উলিয়াবলৈ চেষ্টা কৰিব।
সমল উৎসসমূহ:
ছাত্ৰ-ছাত্ৰীয়ে ইণ্টাৰনেট আৰু স্থানীয় সমল ব্যক্তি, পৰিয়ালৰ সদস্য, পঞ্চায়ত সদস্যৰ সহায় ল’ব পাৰে।
ক্ৰিয়াকলাপ
সময়: ৩০ মিনিট
কাৰ্যকলাপ ৩:
আৰ্থ-সামাজিক উন্নয়নত মানৱ সম্পদৰ ভূমিকাৰ বিষয়ে বুজিবলৈ ছাত্ৰ-ছাত্ৰীক ইণ্টাৰনেট, পাঠ্যপুথি বা Diksha app চাবলৈ উপদেশ দিব।
সমল উৎসসমূহ: ইণ্টাৰনেট, পাঠ্যপুথি, Diksha app |
২য় দিন ৩০ মিনিট
ক্ৰিয়াকলাপ
কাৰ্যকলাপ ৪:
ছাত্ৰ-ছাত্ৰীয়ে বৃত্তিমূলক শিক্ষা আৰু বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা কি বিচাৰি উলিয়াব।
সমল উৎসসমূহ:
ছাত্ৰ-ছাত্ৰীক তলৰ লিংকটো চাবলৈ উপদেশ দিব:
সময়: ৯০ মিনিট
মূল্যায়ণ:
ছাত্ৰ-ছাত্ৰীয়ে তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিব আৰু শিক্ষক/অভিভাৱকক দেখুৱাব:
- ‘সম্পদহিচাপে মানুহ’ বুলিলে কি বুজিলা?
- মানৱ সম্পদ অন্য সম্পদ যেনে ভূমি আৰু পাৰ্থিৱ মূলধনতকৈ কিদৰে পৃথক?
- তোমাৰ বিদ্যালয়ত কিবা বৃত্তিমূলক বিষয় আছেনে? যদি তুমি কোনো বৃত্তিমূলক পাঠ্যক্ৰমত নিজৰ নামভৰ্তি কৰিব বিচাৰা, তোমাক কেনেধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন হ’ব?
- নিবনুৱা শব্দটি তুমি কিদৰে ব্যাখ্যা কৰিবা?
- ছদ্মৱেশী নিবনুৱা আৰু ঋতুভিত্তিক নিবনুৱাৰ মাজত থকা পাৰ্থক্য কি?
- শিক্ষা আৰু বৃত্তিমূলক শিক্ষাই নিবনুৱা সমস্যা কেনেদৰে প্ৰশমিত কৰে?
- তোমাৰ আশে-পাশে কি কি বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠান আছে? তাত কি কি বৃত্তিমূলক বিষয়ৰ শিক্ষাদান কৰা হয়?
- বৃত্তিমূলক শিক্ষাৰ বাবে কি কি চৰকাৰী আঁচনি আছে?
- পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত তুমি কেনেধৰণৰ কৰ্মসংস্থান আশা কৰা?
|
Click here to download the lesson plan
Prepared by: Dimbeswar Sarma, Namati Vidyapith Higher Secondary School, Assam
Edited by: ITE Resource Team, TISS, Mumbai
Translated by: Nitumani Kalita, Gramya Vikash Mancha (GVM)
Helpline Number : +91 70028 25970, +91 91018 89733
Post Views:
505