শিক্ষণৰ উদ্দেশ্য:
- ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ চতুৰ্ভূজ আৰু ইয়াৰ ধৰ্মৰ বিষয়ে জ্ঞান লাভ কৰিব।
- ছাত্ৰ-ছাত্ৰীয়ে বহুভূজ আৰু ইয়াৰ কোণৰ বিষয়ে জ্ঞান লাভ কৰিব।
- ছাত্ৰ-ছাত্ৰীয়ে চতুৰ্ভূজৰ বিষয়ে অধিক পৰিমাণে উপযুক্ত জ্ঞান অৰ্জন কৰিব।
১ম দিন
সময়: ৪০ মিনিট
ক্ৰিয়াকলাপ:
ছাত্ৰ-ছাত্ৰীয়ে নিম্নোক্ত কাৰ্যকলাপখিনি কৰিব:
এখন বৰ্গাকৃতিৰ কাগজ লৈ তাক বিভিন্ন আকাৰত কাটি লোৱা (কথাখিনি বুজি পাবলৈ ছাত্ৰ-ছাত্ৰীয়ে লিংকটো অনুসৰণ কৰিব পাৰে)
দুটা সৰু ত্ৰিভূজ
এটা মধ্যমীয়া ত্ৰিভূজ
এটা বৰ্গ
এটা সামান্তৰিক
কৰ্তন কৰা আকৃতিসমূহেৰে ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন আকাৰৰ বস্তু সাজিব (যেনে- চিলা, ৰম্বাচ, বৰ্গ, ট্ৰেপিজিয়াম, সামান্তৰিক ইত্যাদি) আৰু আকৃতিসমূহৰ নামাকৰণ কৰিব
বা
১০/১১ জুইশলাৰ কাঠিৰ সহায়ত ছাত্ৰ-ছাত্ৰীয়ে ৭/৮ বস্তুৰ আকৃতি সাজিব (উদাহৰণস্বৰূপে: পঞ্চভূজ, আয়ত, ট্ৰেপিজিয়াম ইত্যাদি)আৰু আকৃতিসমূহৰ নাম লিখিব
তেওঁলোকে কৰা কাৰ্যখিনি শিক্ষক/অভিভাৱকক দেখাব
প্ৰয়োজনীয় সমলসমূহ:
ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিৰ পৃষ্ঠা নং 57,58, 61, 62,63 চাব
সময়: ৪০ মিনিট ক্ৰিয়াকলাপ:
শিক্ষকে ছাত্ৰ-ছাত্ৰীক তলৰ কাৰ্যসমূহ কৰিব দিব:
(ক) এখন কাগজত এটা সামান্তৰিকৰ চিত্ৰ আঁকি কাটি উলিওৱা আৰু ABCD ৰে নামাকৰণ কৰা। AC আৰু DB হিচাবে ভাজ কৰা। তাৰ পিছত DB কৰ্ণই AC কৰ্ণক একেটো বিন্দু E ত সমদ্বিখণ্ডিত কৰিছে নে নাই নিৰ্ণয় কৰা? শিক্ষকৰ লগত মতবিনিময় কৰিব।
(খ) এখন বৰ্গাকৃতিৰ কাগজ লৈ ABCD ৰে নামাকৰণ কৰা। উভয় কৰ্ণৰে ভাজ কৰা। সিহঁতৰ মধ্যবিন্দুটো একেনে? E (মধ্যবিন্দু)ত কৰ্ণ দুডালে ৯০ ডিগ্ৰী কোণ কৰিছে নে পৰীক্ষা কৰা।
(গ) পাঠ্যপুথিৰ পৃষ্ঠা নং 49 লৈ গৈ ছাত্ৰ-ছাত্ৰীয়ে উত্তল আৰু অৱতল বহুভূজৰ কিছুমান চিত্ৰ আঁকিব আৰু শিক্ষকক দেখাব।
প্ৰয়োজনীয় সমলসমূহ:
পাঠ্যপুথিৰ পৃষ্ঠা নং 47 চোৱা |
২য় দিন
সময়: ৬০ মিনিট
মূল্যায়ণ:
চতুৰ্ভুজৰ বংশবৃক্ষ আৰু ইয়াৰ ধৰ্মৰ বিষয়ে বুজিবলৈ ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিৰ সহায়ত তলৰ তলিকাখন পূৰ্ণ কৰিব আৰু শিক্ষকৰ লগত মতবিনিময় কৰিব।
- প্ৰদত্ত সমস্যাৰ বিষয়ে চিন্তা কৰা আৰু উত্তৰসমূহ শিক্ষকক জনোৱা
- ধৰি লোৱা তোমাৰ দাদাই এখন কাঠৰ ফলক সাজিছে। তেওঁ সেইখন আয়তাকাৰৰ কৰিব বিচাৰিছে কিন্তু বিবুধিত পৰিছে। গতিকে তুমি অন্য কি পন্থাৰে এইখন আয়তাকাৰ বুলি সুনিশ্চিত কৰিবা?
- তুমি আকাশত চিলা উৰা দেখিছানে? এখিলা প্লাষ্টিক বা চিলা সঁজা কাগজ, কাঠিৰে এখন চিলা সঁজা আৰু ইয়াক উৰুৱাবলৈ চেষ্টা কৰা। ফটো লোৱা আৰু শিক্ষকক প্ৰেৰণ কৰা। চিলাখনৰ আকাৰ আমি পাঠটোত পোৱা কোনো জ্যামিতিক আকৃতিৰ সৈতে একে নেকি? নে কিবা পাৰ্থক্য পাইছা? ব্যাখ্যা কৰা আৰু শিক্ষকৰ সৈতে আলোচনা কৰা।
- আমাৰ জীৱনত চতুৰ্ভূজাকৃতিৰ বস্তু কি কি কামত ব্যৱহাৰ হয়?
- ছাত্ৰ-ছাত্ৰীয়ে প্ৰাপ্ত তথ্যসমূহ লৈ শিক্ষক/অভিভাৱকৰ সৈতে ভাৱবিনিময় কৰিব।
প্ৰয়োজনীয় সমলসমূহ:
ছাত্ৰ-ছাত্ৰীয়ে চতুৰ্ভুজৰ বংশবৃক্ষ আৰু ইয়াৰ ধৰ্মৰ বিষয়ে বুজিবলৈ এই লিংকটো অনুসৰণ কৰিব
https://www.geogebra.org/m/YDVXQAMB |
প্ৰস্তুতকৰ্তা: ছাইফুল ইছলাম, আলিটাঙনী ছিনিয়ৰ মাদ্ৰাছা, নগাঁও, অসম
সম্পাদনা: শ্ৰাবন্তী বাসাক, আইটিই সমল গোট, TISS, মুম্বাই
অনুবাদক: নিতুমনি কলিতা, হিমাংশু লহকৰ, গ্ৰাম্য বিকাশ মঞ্চ, অসম
Click here to download the lesson plan
Helpline Number : +91 70028 25970, +91 91018 89733
Post Views:
161