Categories
math6_as_whole_number

পূৰ্ণ সংখ্যা (Whole Numbers)

Saiful Islam, Alitangani Senior Madrassa, Nagaon, Assam

শিকনৰ উদ্দেশ্য:

  • ছাত্ৰ-ছাত্ৰীয়ে পূৰ্ণ সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে জ্ঞান লাভ কৰিব।
  • ছাত্ৰ-ছাত্ৰীয়ে সংখ্যা প্ৰণালীৰ প্ৰয়োজনীয়তাৰ বিষয়ে বুজি পাব।

১ম দিন

সময়: ২০ মিনিট

ক্ৰিয়াকলাপ

কাৰ্যকলাপ ১:

প্ৰথমে ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ঘৰৰ বিভিন্ন সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰিব আৰু সংখ্যা গণনা কৰিব। (যেনে: বিচনা-৩, চকী-৮, খিৰিকী-১০ ইত্যাদি)। তেওঁলোকে তেওঁলোকৰ টোকাবহীত সংখ্যাবোৰ লিখিব।

ছাত্ৰ-ছাত্ৰীয়ে পূৰ্ণসংখ্যাৰ বিষয়ে বুজিবলৈ পাঠ্যপুথিৰ ৭৭ নং পৃষ্ঠা চাব।

*পূৰ্ণসংখ্যাৰ বিষয়ে এক স্পষ্ট ধাৰণা পাবলৈ ছাত্ৰ-ছাত্ৰীক সমলত উল্লেখ কৰা লিংকটো চাব ক’ব পাৰে।

সংশ্লিষ্ট সমলসমূহ:

(হিন্দীত পূৰ্ণ সংখ্যাৰ ধাৰণা)

পাঠ্যপুথিৰ পৃষ্ঠা নং- 77

সময়: ৩০ মিনিট

কাৰ্যকলাপ ২:
প্ৰথমে ছাত্ৰ-ছাত্ৰীয়ে সমলত উল্লেখ কৰা পাঠ্যপুথিৰ পৃষ্ঠাকেইটা ভালদৰে পঢ়িব। ছাত্ৰ-ছাত্ৰীয়ে সমলত উল্লেখ কৰা লিংক দুটাও চাব পাৰে।

ছাত্ৰ-ছাত্ৰীয়ে সংখ্যাৰেখা ব্যৱহাৰ কৰি তলৰ যোগ, বিয়োগ আৰু পূৰণ অংককেইটা সমাধান কৰিব আৰু শিক্ষক বা নিজৰ পৰিয়ালৰ সদস্যক দেখুৱাব।

  • 5+4
  • 9- 2
  • 2*3

সংশ্লিষ্ট সমলসমূহ:

পাঠ্যপুথিৰ পৃষ্ঠা নং- 77, 78, 82, 83

(সংখ্যাৰেখা ব্যৱহাৰ কৰি যোগ আৰু বিয়োগ)

(হিন্দীত সংখ্যাৰেখা ব্যৱহাৰ কৰি পূৰণ)

সময়: ৩০ মিনিট

ক্ৰিয়াকলাপ
কাৰ্যকলাপ ৩:

ছাত্ৰ-ছাত্ৰীয়ে তলৰ কাৰ্যকলাপটি সম্পূৰ্ণ কৰিব আৰু শিক্ষক বা পৰিয়ালৰ সদস্যক দেখুৱাব-

  1. স্বাভাৱিক সংখ্যা নোহোৱা পূৰ্ণ সংখ্যাটো হ’ল ………।
  2. (2+5) + 3 = 2+ (5+ 3) উক্তিটোৱে বুজায় যে পূৰ্ণ সংখ্যাৰ যোগফল…………..।
  3. 15 ৰ পৰা 65 ৰ ভিতৰত কিমানটা পূৰ্ণ সংখ্যা আছে?
  4. 254, 540, 105 ত 5 ৰ মান কিমান?
  5. এশ সাতাইশ সংখ্যাৰে লিখা।
  6. চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি?
  7. ‘আটাইতকৈ ডাঙৰ’ পূৰ্ণ সংখ্যা নাই। (শুদ্ধ/অশুদ্ধ)
  8. যেতিয়া এটা পূৰ্ণ সংখ্যাক 0 ৰে পূৰণ কৰা হয়, তাৰ উত্তৰ সদায়………..।
  9. 6428 ক বিস্তাৰ কৰি লিখা।
  10. 6 সংখ্যাটোক এটা আয়তক্ষেত্ৰৰ ৰূপত সজোৱা।

সংশ্লিষ্ট সমলসমূহ:

২য় দিন

 

সময়: ৪৫ মিনিট

মূল্যায়ণ:

  • ছাত্ৰ-ছাত্ৰীয়ে তলৰ সংখ্যাকেইটাৰ প্ৰতিটোৰে কাৰণসহ শ্ৰেণীৱদ্ধ কৰিব-

        (-9, 2/5, 0, 210, 8*3, 10-4, 12+10, 5.5)

  •  10+36+7 সমীকৰণটোক সৰল কৰিবলৈ অন্য ধৰণে লিখা
  • 1 ৰ পূৰ্বপদ আৰু উত্তৰপদ আছেনে? যদি নাই, তেতিয়া হ’লে ই কেনেদৰে সম্ভৱ? এডাল সংখ্যাৰেখা অংকন কৰি বুজাই দিয়া।
  • 1 ৰ পৰা 9 লৈ পূৰ্ণ সংখ্যবোৰ ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা। প্ৰতিটো সংখ্যা এবাৰতকৈ অধিক ব্যৱহাৰ নকৰিবা।

Click here to download the lesson plan

Prepared by: Saiful Islam, Alitangani Senior Madrassa, Nagaon, Assam;

Edited by: Srabanti Basak, ITE Resource Team, TISS, Mumbai;

Translated by: Nitumani Kalita, Pranjit Barman, Gramya Vikash Mancha, Assam.

Helpline Number : +91 70028 25970, +91 91018 89733

Categories
math6_en_whole_number

Whole Numbers

Saiful Islam, Alitangani Senior Madrasah, Nagaon, Assam

Learning Objective:

  • The students will get an idea of whole number and use of whole numbers.
  • The students will understand the important of the number system.
Day-1

Time: 20 mins

Activity:

First the students will list down the objects in their house and will count the number. (Like: bed-3, chair- 8, window-10 etc..). They will write the number in their copy.

The students will go through page no. 77 to get an idea of whole number

*The students can also refer to the link in the resources to get a clear idea of whole number.

Resource:

(concept of whole number in Hindi)

Textbook page no. 77

Time:

30 mins First the students will go through the mentioned pages of their book. The students can also refer to the links (a) & (b) in the resources.

The students will solve the addition, subtraction and multiplication on the number line and then share with the teacher or family member.

5+4

9- 2

2*3 Textbook Page no. 77, 78, 82, 83

(add & sub using number line)

(multiplication using number line in Hindi)

Time: 30 minutes

Activity:

The students will complete the activity sheet given below and will share it with the teacher or family members.

The whole number which is not a natural number is ….

The statement (2+5) + 3 = 2+ (5+ 3) shows that addition of whole number is ……

How many whole numbers are there between 15 to 65?

What is the value of 5 in the number 254, 540, 105?

Write the number using digits One hundred and twenty-seven.

What is the largest number of 4 digits?

There is no ‘largest’ whole number. (true/false)

When a whole number is multiplied to 0, the result is always ……

Expand the number 6428.

Arrange the number 6 as a rectangle.

Day-2

Time: 45 mins

Assessment:
The students have to classify the following numbers ( -9, 2/5, 0, 210, 8*3, 10-4, 12+10, 5.5) and give the reason against each.

Write the expression 10+36+7 a different way to make it easier to simplify.

Does 1 have both a predecessor and a successor? If no then how can it be possible. Draw a number line and explain.

Make the largest sum by using the whole numbers 1 to 9. Not using more than one time each.

Click here to download the lesson plan

Prepared by: Saiful Islam, Alitangani Senior Madrasah, Nagaon, Assam
Edited by: Srabanti Basak, ITE Resource Team, TISS, Mumbai

Categories
synthetic_fibre_and_plastics_as

সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক (Synthetic Fibre and Plastics)

By, Kaveri Borthakur, Milan Higher Secondary School, Banekuchi, Nalbari

শিকণৰ উদ্দেশ্য:
  • ছাত্ৰ-ছাত্ৰীক প্ৰাকৃতিক আৰু কৃত্ৰিম (সাংশ্লেষিক) আঁহৰ মাজত থকা পাৰ্থক্য আৰু ইয়াৰ উৎসসমূহৰ বিষয়ে জ্ঞান দিয়া
  • কৃত্ৰিম (সাংশ্লেষিক) আঁহ আৰু প্লাষ্টিকৰ বিভিন্ন ব্যৱহাৰৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক জ্ঞান দিয়া
  • প্লাষ্টিকৰ পৰা পৰিৱেশত হোৱা অপকাৰসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক সজাগ কৰা
১ম দিন
সময়: ২০ মিনিটক্ৰিয়াকলাপ:ছাত্ৰ-ছাত্ৰীয়ে চৌপাশৰ পৰা প্ৰাকৃতিক আৰু মানৱ-সৃষ্ট আঁহেৰে বনোৱা বিভিন্ন বস্তুৰ এখন তালিকা প্ৰস্তুত কৰিব। তেওঁলোকে সেই তালিকাখন তেওঁলোকৰ শিক্ষকক দেখাব।

সমল উৎসসমূহ: 

সময়: ৪০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে মনোযোগেৰে পাঠটো পঢ়িব আৰু তেওঁলোকৰ প্ৰশ্ন বা শংকাবোৰ লিখিব। তেওঁলোকে প্ৰশ্ন/শংকাবোৰ শিক্ষক/অভিভাৱকৰ সৈতে আলোচনা কৰিব।
শিক্ষক/অভিভাৱকে এনেধৰণৰ প্ৰশ্নবোৰ সুধিব:

  • প্ৰাকৃতিক আৰু কৃত্ৰিম (সাংশ্লেষিক) আঁহৰ মাজত থকা পাৰ্থক্য কি?
  • প্ৰাকৃতিক আঁহৰ উৎসসমূহ কি কি?
  • প্ৰাকৃতিক আঁহক কৃত্ৰিম (সাংশ্লেষিক) আঁহলৈ ৰূপান্তৰিত কৰিব পাৰিনে? উদাহৰণ দিয়া।

সমল উৎসসমূহ:

শিক্ষকে ছাত্ৰ-ছাত্ৰীক Diksha app ডাউনলোড কৰিবলৈ উপদেশ দিয়াৰ লগতে সহায় কৰিব, য’ত পাঠটো বৰ্ণনা কৰা ভিডিঅ’ তেওঁলোকে চাব পাৰিব।
Link:
See বিজ্ঞান (অষ্টম শ্ৰেণীৰ পাঠ্যপুথি)/ Science (Class-8) on DIKSHA at https://diksha.gov.in/play/content/do_3126167504747560961836?referrer=utm_source%3Ddiksha_mobile%26utm_content%3Ddo_3126590295958650881129%26utm_campaign%3Dshare_content
Get DIKSHA app from: (DIKSHA app এই লিংকত পাব): https://play.google.com/store/apps/details?id=in.gov.diksha.app&referrer=utm_source%3D2c9ad25f97b6b864de02b04426a3fc81d3e59b61%26utm_campaign%3Dshare_app

২য় দিন
সময়: ৪৫ মিনিটক্ৰিয়াকলাপ:
ছাত্ৰ-ছাত্ৰীয়ে প্ৰাকৃতিক আৰু মানৱ-সৃষ্ট আঁহৰ বিভিন্ন উপাদানসমূহ, কিমান প্ৰকাৰৰ আঁহ আছে আৰু সেইবোৰ ক’ত ব্যৱহাৰ হয় উলিয়াই ল’ব। পৰীক্ষাগাৰত মানৱ-সৃষ্ট আঁহসমূহ কিদৰে প্ৰস্তুত কৰা হয় তাকো উলিয়াব।

ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ চৌপাশৰ পৰা প্ৰতিবিধ আঁহেৰে বনোৱা পাঁচবিধ বস্তু বিচাৰি ল’ব। তেওঁলোকে উপাদানসমূহ, আঁহৰ প্ৰকাৰ উদাহৰণসহ টোকাবহীত লিখিব আৰু শিক্ষক/অভিভাৱকক দেখাব। (ছাত্ৰ-ছাত্ৰীয়ে পূৰ্ব্বতে প্ৰস্তুত কৰা তালিকাখনৰ কথাও উল্লেখ কৰিব পাৰে)

ছাত্ৰ-ছাত্ৰীয়ে পাটপলুৰ জীৱন চক্ৰ আৰু আমি কিদৰে তাৰ পৰা পাটসূতা পাওঁ তাক বিচাৰি উলিয়াব। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সৰ্ব্বাধিক পাট উৎপন্ন কৰে?

ছাত্ৰ-ছাত্ৰীয়ে তাপনমনীয় প্লাষ্টিক আৰু তাপদৃঢ় প্লাষ্টিক কি উলিয়াব। তেওঁলোকে উদাহৰণসহ ব্যাখ্যা কৰিব।
সমল উৎসসমূহ:

অধিক তথ্যৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথি আৰু ইণ্টাৰনেটৰ সহায় ল’ব পাৰে।


৩য় দিন সময়: ৪৫ মিনিট

মূল্যায়ণ:

কাৰ্যকলাপ ১: (মূল্যায়ণ)
ছাত্ৰ-ছাত্ৰীয়ে প্ৰকৃতিৰ ওপৰত প্লাষ্টিকৰ অপকাৰৰ বিষয়ে এখন প্ৰচাৰ-পত্ৰ (পোষ্টাৰ) বনাৱ আৰু তেওঁলোকৰ শিক্ষকক দেখাব। ছাত্ৰ-ছাত্ৰীয়ে প্ৰচাৰ-পত্ৰ (পোষ্টাৰ) খন কাগজতো বনাৱ পাৰে বা Postermyworld, Pictochart ইত্যাদি ধৰণৰ এপ্লিকেচনো ব্যৱহাৰ কৰিব পাৰে। প্ৰচাৰ-পত্ৰ (পোষ্টাৰ) খনত তলৰ কথাখিনি স্পষ্ট হোৱা উচিত:

  • প্লাষ্টিক প্ৰকৃতিৰ কাৰণে কিমান হানিকাৰক
  • ই পক্ষী, প্ৰাণী, সামুদ্ৰিক প্ৰাণী ইত্যাদিক কিদৰে প্ৰভাৱিত কৰে
  • প্ৰকৃতিৰ ওপৰত হানিকাৰক প্ৰভাৱ আমি কেনেদৰে হ্ৰাস কৰিব পাৰো
  • 4R (চাৰিটা‘R’), Reduce (হ্ৰাস কৰা), Reuse (পুনৰ্ব্যৱহাৰ কৰা), Recycle (পুনৰাৱৰ্তন কৰা) আৰু Recover (পুনৰুদ্ধাৰ কৰা)     

সময়: ৪০ মিনিট

কাৰ্যকলাপ ২: (মূল্যায়ণ)

ছাত্ৰ-ছাত্ৰীয়ে তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিব:

  • ঘৰত কাচ আৰু ধাতৱ পাত্ৰৰ তুলনাত প্লাষ্টিকৰ পাত্ৰ সচৰাচৰ কিয় ব্যৱহাৰ কৰা হয়?
  • বৈদ্যুতিক চুইচ আৰু অন্য বৈদ্যুতিক আহিলাসমূহ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয়?
  • ধাতৱ ঝাৰত আমি আচাৰ সাচি ৰাখিব পাৰোনে? যদি নোৱাৰো কিয়?
  • ১৯৪৬ চনৰ নাইলন সংঘৰ্ষ কি আছিল?

Click here to download the lesson plan

Prepared by: Kaveri Borthakur, Milan Higher Secondary School, Banekuchi, Nalbari, Assam

Edited by: Nikhat Nasrin Khan, ITE Resource Team, TISS,

Translated by: Nitumani Kalita, Gramya Vikash Mancha, Assam

Helpline Number : +91 70028 25970, +91 91018 89733

Categories
synthetic_fibre_and_plastics_en

Synthetic Fibre and Plastics

Kaveri Borthakur, Milan Higher Secondary School, Banekuchi, Nalbari , Assam

Learning Objective:
  • To inform students about the difference between Natural and Synthetic Fibres and their sources.
  • To let students know about the different uses of Synthetic Fibres and Plastics
  • To make them aware of the disadvantages of plastics to the environment.
Day 1

Time: 20 minutes

Activity:
The students will make a list of various items made of natural and man-made fibres from their surroundings. They will share the list with their teachers/ parents.

Resource:

Time: 40 minutes

Activity:
Students will read the chapter and note down the questions or doubts that they have. They will discuss the questions/doubts with their teachers/parents.
Teacher/ parents will ask questions such as:
What is the difference between natural and synthetic fibre?

What are the sources of natural fibre?

Can a natural fibre be converted to synthetic fibre? Give an example.
Resource: The teacher can guide students to download the Diksha app where they can watch a video explaining the chapter.
Link:
See বিজ্ঞান (অষ্টম শ্ৰেণীৰ পাঠ্য়পুথি)/ Science (Class-8) on DIKSHA at https://diksha.gov.in/play/content/do_3126167504747560961836?referrer=utm_source%3Ddiksha_mobile%26utm_content%3Ddo_3126590295958650881129%26utm_campaign%3Dshare_content
Get DIKSHA app from: https://play.google.com/store/apps/details?id=in.gov.diksha.app&referrer=utm_source%3D2c9ad25f97b6b864de02b04426a3fc81d3e59b61%26utm_campaign%3Dshare_app

Day 2

Time: 45minutes

Activity:
The students will find out about various components of the manmade fibres and natural fibres, how many types of fibres are there and where are they used. They will also find out how the manmade fibres are made in the laboratory.

Students will find five objects from their surroundings under each types of fibre. They will write about the components, types of fibres and examples in their notebook and share with the teachers/parents (Students can refer to the list made by them earlier)

Students will find out about the life cycle of silkworm and how we get silk from them. Which state in India produces the most silk?

The students will find out what is thermoplastic and thermosetting? They will explain with example.
Resource:

Students can take help of the text book and search the internet for information.

Day 3

Time: 40 minutes

Assessment:

Activity 1 (Assessment)
Students will create a poster on disadvantages of Plastic on nature and will share it with their teachers. Students may create the poster on paper or using applications such as postermyworld, pictochart etc. The poster should explain:
How plastic is harmful to nature.How is it affecting birds, animals, sea animals etc.How we can minimize the harmful effect on natureThe 4R’s, Reduce, Reuse, Recycle and Recover

 

Time: 45 minutes

Activity 2 (Assessment)
Students will find out the answers of the following questions:
Why plastic containers are often used at home compared to glass and metallic containers?

Why electronic switches and other electronic devices are mainly made up of thermosetting plastic?

Can we store pickles in metallic jars? If no, then why?

What was Nylon Riots of 1946?

Click here to download the lesson plan

Prepared by: Kaveri Borthakur, Milan Higher Secondary School, Banekuchi, Nalbari , Assam;

Edited by: Nikhat Nasrin Khan, ITE Resource Team, TISS,

Helpline Number : +91 70028 25970, +91 91018 89733

Categories
my_native_place_as

মোৰ জন্মভূমি (My Native Land)

Jogen Chandra Rajbanshi, Barkhopa High School, Baksa, Assam

শিকণৰ উদ্দেশ্য:
    • কবিতাটোৱে ছাত্ৰ-ছাত্ৰীক এজন ব্যক্তিৰ বাবে জন্মভূমিৰ মহত্ব বুজাত সহায় কৰিব।
    • ছাত্ৰ-ছাত্ৰীৰ মনত দেশাত্মবোধ আৰু জন্মভূমিৰ প্ৰতি কৃতজ্ঞতা ভাৱ জগোৱা।
    • ছাত্ৰ-ছাত্ৰীৰ শব্দজ্ঞান আৰু ভাষিক দক্ষতাৰ বিকাশ ঘটিব।
১ম দিন

Time: ১০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ জন্মভূমিখনক কিয় ভাল পায়, সেইবিষয়ে শিক্ষক/অভিভাৱকৰ লগত ভাৱ-বিনিময় কৰিব। তেওঁলোকে নিজৰ জন্মভূমিখনৰ ভালপোৱা বস্তুসমূহৰ বিষয়ে এখন তালিকা প্ৰস্তুত কৰিব (এয়া তেওঁলোকৰ গাঁও/চহৰ বা ৰাজ্য হ’ব পাৰে)।

Time: ৪০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে মনোযোগেৰে কবিতাটো পঢ়ি শিক্ষক/অভিভাৱকৰ সহায়ত কবিতাটোৰ এটি সাৰাংশ লিখিব। তেওঁলোকে অভিধান ব্যৱহাৰ কৰি কঠিন শব্দৰ অৰ্থসমূহ বিচাৰি উলিয়াব।
সমল উৎসসমূহ:

https://www.dailyassam.com/2020/01/class-8-english-lesson-2-my-native-land_1.html

ছাত্ৰ-ছাত্ৰীয়ে সংক্ষিপ্ত সাৰাংশ আৰু কঠিন শব্দবোৰৰ ব্যাখ্যা কৰা এই ৱেবচাইটটো চাব পাৰে।

২য় দিন

Time: ৪০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জন্মভূমিৰ স্থানীয় কৃষ্টি-সংস্কৃতি, খেল-ধেমালি, জীৱ-জন্তু, খাদ্যাভ্যাস, সাজ-পোছাক, উৎসৱ-পাৰ্বণ আদিৰ বিষয়ে বিচাৰ কৰিব। প্ৰাপ্ত তথ্যখিনিৰ এটি দফা লিখি শিক্ষক/অভিভাৱকক দেখাব। (ছাত্ৰ-ছাত্ৰীয়ে এই বিষয়সমূহৰ ফটো লৈ শিক্ষকলৈ পঠাব পাৰে)
সমল উৎসসমূহ:


৩য় দিনTime: ৩০ মিনিটমূল্যায়ণ:

ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ জন্মভূমিখন চাবলৈ নিমন্ত্ৰণ জনাই অন্য ৰাজ্যত থকা তেওঁলোকৰ এগৰাকী বন্ধু/বান্ধৱীলৈ ইংৰাজীতে এখন চিঠি লিখিব। ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ জন্মভূমিখন আৰু তাৰ মূখ্য আকৰ্ষণসমূহ, খাদ্য-সম্ভাৰ, উৎসৱ-পাৰ্বণ আদিৰ বিষয়ে বৰ্ণনা কৰিব। (১৫০-২০০ শব্দ)ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্নোত্তৰৰ বাবে সমল উৎসত উল্লেখ কৰা ভিডিঅ’টো চাব পাৰে আৰু তেওঁলোকৰ টোকাবহীত উত্তৰসমূহ লিখিব পাৰে। 

সমল উৎসসমূহ:

কবিতাটোৰ বিষয়ে প্ৰশ্নোত্তৰসমূহ এই ভিডিঅ’টোত ব্যাখ্যা কৰা আছে।

Click here to download the lesson plan

Prepared by: Jogen Chandra Rajbanshi, Barkhopa High School, Baksa, Assam;
Edited by: Durba Sarkar, ITE resource Team, TISS;
Translated by: Jogen Chandra Rajbanshi, Barkhopa High School, Baksa, Assam; Nitumani Kalita, Gramya Vikash Mancha, Assam.

Helpline Number : +91 70028 25970, +91 91018 89733

Categories
my_native_place_en

My Native Land

Jogen Chandra Rajbanshi, Barkhopa High School, Baksa, Assam

Learning Objective:
    • The poem will help understand the significance of native land for a person.
    • To rise up the patriotism as well as the acknowledgement towards nation in students’ mind.
    • Students will develop vocabulary and language skills.
Day 1

Time: 10 minutes

Activity:

The students will share with teachers/ parents about why do they like their native land. They will prepare a list of things they like about their native land (it can be their village/town or state)

Time: 40 minutes

Activity: The students will read the poem and write a summary of the poem with the help of teachers/parents. They will also find the meaning of the difficult word using dictionary.
Resource:

https://www.dailyassam.com/2020/01/class-8-english-lesson-2-my-native-land_1.html

Students can refer to this website which gives a brief summary and explains the difficult words.

Day 2

Time: 40 minutes

Activity:

The students will find about the indigenous culture, sports, animals, food habits, dress, festivals of their native land. They will write a paragraph on the findings and will share with their teachers/ parents. (The students can also take photos of the same in their surroundings and share with their teachers)

Resource:


Day 3
Time: 30minutesAssessment:The students will write a letter in English to a friend who stays in another state to invite him to visit his native land. The students will describe about their native land and the special attractions, food, festivals etc. (150-200 words)The students can watch the video for the questions and answers and write the answers in their notebook. Resource:

This video explains the questions and answers regarding the poem.

Click here to download the lesson plan

Prepared by: Jogen Chandra Rajbanshi, Barkhopa High School, Baksa, Assam;
Edited by: Srabanti Basak, ITE resource Team, TISS;
Helpline Number : +91 70028 25970, +91 91018 89733

Categories
seperation_of_substance_as

দ্ৰব্যৰ পৃথকীকৰণ (Seperation of Substance)

Hiramani Deka, Adarsha Vidyalaya, Pakabetbari, Barpeta, Assam

শিকনৰ উদ্দেশ্য:
  1. বিভিন্ন দ্ৰব্যৰ পৃথকীকৰণ কেনেদৰে কৰা হয় আৰু মিশ্ৰণসমূহৰ পৰা কিছুমান দ্ৰব্যৰ পৃথকীকৰণ কিয় প্ৰয়োজন, সেইবিষয়ে ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান লাভ কৰিব।
  2. দ্ৰব্যৰ পৃথকীকৰণৰ বিভিন্ন পদ্ধতিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান লাভ কৰিব।
  3. ছাত্ৰ-ছাত্ৰীয়ে ঘণীভৱন, অৱক্ষেপণ আৰু বাষ্পীভৱন প্ৰক্ৰিয়াৰ বিষয়ে জ্ঞান লাভ কৰিব।
১ম দিন

সময়: ২০ মিনিট

কাৰ্যকলাপ:

ধৰি লোৱা তুমি আৰু তোমাৰ বন্ধুৱে এখন পাচলি বজাৰলৈ গৈছিলা আৰু তুমি ১ কে.জি. আলু, ১ কে.জি. জলকীয়া, ১ কে.জি. বীন আৰু তোমাৰ বন্ধুৱে 

আধা কে.জি. পিয়াজ আৰু আধা কে.জি. ভেণ্ডি কিনি এখন মোনাতে ভৰাই ল’লা। 

যেতিয়া তোমালোক দুয়োজনে বজাৰৰ পৰা ঘৰলৈ আহি বন্ধুজনক পিয়াজ আৰু ভেণ্ডিখিনি দিব লগা হ’ল, তেতিয়া পিয়াজ আৰু ভেণ্ডিখিনি পৃথক কৰাৰ কাৰণে তুমি কি পদক্ষেপ হাতত ল’বা? পদক্ষেপসমূহ লিপিৱদ্ধ কৰা আৰু শিক্ষকক দেখুওৱা।

এটা মিশ্ৰণৰ পৰা বস্তু এটাক পৃথক কৰা প্ৰক্ৰিয়া/পদ্ধতিক কি বুলি কোৱা হয়? 

মিশ্ৰণসমূহৰ পৰা দ্ৰব্যৰ পৃথকীকৰণ কিয় প্ৰয়োজন? উত্তৰসমূহ টোকাবহীত লিখা আৰু শিক্ষক আৰু অভিভাৱকক দেখুওৱা। 


Resource:

ইণ্টাৰনেট/পাঠ্যপুথি

সময়: ৩০ মিনিট

কাৰ্যকলাপ:

হাতেৰে বাছি উলিওৱা, মৰণা মৰা আৰু জৰা প্ৰক্ৰিয়াসমূহ ভালদৰে বুজি পাবলৈ এটি ভিডিঅ’ চাব। 

হাতেৰে বাছি উলিওৱা, মৰণা মৰা আৰু জৰা প্ৰক্ৰিয়াসমূহ বুজিবলৈ ইণ্টাৰনেটৰ সহায় ল’ব পাৰে।

এই একেখিনি কথা বুজিবলৈ তেওঁলোকে তেওঁলোকৰ পাঠ্যপুথিত থকা   Diksha QR code স্কেন কৰি চাব পাৰে।

Resource:

বিষয়বস্তু ওপৰত ভালদৰে ব্যাখ্যা কৰা ভিডিঅ’ চাবলৈ ছাত্ৰ-ছাত্ৰীয়ে  Diksha QR code স্কেন কৰি  Diksha  app চাব পাৰে।

২য় দিন

সময়: ৩০ মিনিট

কাৰ্যকলাপ:

অলপ বোকা লৈ এগিলাচ পানীৰ সৈতে মিহলি কৰা। এতিয়া এই মিশ্ৰণটো ২০ মিনিটৰ বাবে থৈ দিয়া। তোমালোকে কেনেধৰণৰ পৰিৱৰ্তন লক্ষ্য কৰিছা? নিজৰ নিৰীক্ষণখিনি টোকাবহীত লিখা আৰু শিক্ষক/অভিভাৱকক দেখুওৱা। কিয় পৰিৱৰ্তনসমূহ ঘটিছে কব পাৰিবানে?

পাঠ্যপুথিৰ ৩৯ নং পৃষ্ঠাটো পঢ়া আৰু উত্তৰ উলিওৱা।


Resource:

পাঠ্যপুথিৰ 39 নং পৃষ্ঠা

অধিক জানিবলৈ ছাত্ৰ-ছাত্ৰীয়ে ইণ্টাৰনেটৰ সহায় লব।

সময়: ৩০ মিনিট

কাৰ্যকলাপ:

অলপ চেনী আৰু চাউল লৈ ভালদৰে মিহলি কৰা। এতিয়া দুয়োটা সামগ্ৰী কেনেদৰে পৃথক কৰিবা?

  • তোমালোকে এই মিশ্ৰণটোত কিছুপৰিমাণে পানী মিহলি কৰিব পাৰা যাতে চেনীখিনি পানীত দ্ৰৱীভূত হয় আৰু চাউলখিনি চেকনীৰে চেকি পৃথক কৰিব পাৰি। 
  • এতিয়া পানীৰ পৰা চেনীখিনি পৃথক কৰিবলৈ মিশ্ৰণটো গৰম কৰা। জুলীয়া দ্ৰৱখিনি প্ৰায় নোহোৱা হোৱালৈকে মিশ্ৰণখিনি উতলাই থাকা। 
  • এখন ধাতুৰ থালত কিছু পৰিমাণে বৰফ লোৱা আৰু উতলা মিশ্ৰণখিনিৰ  পৰা নিৰ্গত হোৱা ভাপৰ ওপৰত এনেদৰে ধৰা যাতে পানীৰ টোপালবোৰ অন্য পাত্ৰ এটাত পৰে। এনেদৰে পানীখিনি এন্য এটা পাত্ৰত পৃথক হ’ব আৰু চেনীখিনি আগৰ পাত্ৰটোত ৰৈ যাব।   
  • এতিয়া তোনালোকে পাঠটি পঢ়া আৰু এই কাৰ্যৰ লগত সম্পৰ্ক থকা বিভিন্ন  পদ্ধতিসমূহ তাৰ সংজ্ঞাৰ সৈতে লিখা।

    Resource:

    পাঠ্যপুথি/ইণ্টাৰনেট
৩য় দিন

সময়: ৩০ মিনিট

মূল্যায়ণ:

খালি ঠাই পূৰণ কৰা-

    1. শস্যৰ বাকলি/পতান_________ ৰে সৰহ সংখ্যক বীজৰ পৰা পৃথক কৰিব পাৰি।
    2. এটা পদাৰ্থৰ মিশ্ৰণত _______ দ্বাৰা অধিক পৰিমাণে পদাৰ্থ দ্ৰৱীভূত কৰিব পাৰি।
    3. পাচলিৰ মিশ্ৰণৰ পৰা জলকীয়াৰ পৃথকীকৰণক _______ বুলি কোৱা হয়।
    4. বালিৰ পৰা শিলৰ পৃথকীকৰণক _______ বুলি কোৱা হয়।

তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰা:

  • গাখীৰ উতলোৱাৰ পিছত যেতিয়া ঠাণ্ডা হয়, তেতিয়া গাখীৰৰ পৰা সৰখিনি পৃথক কৰাৰ কাৰণে এখন কাপোৰৰ ওপৰত ঢালি দিয়া হয়। এই প্ৰক্ৰিয়াক কি বোলা হয়?
  • আমি জানো যে সাগৰৰ পানীৰ পৰা নিমখ আহৰণ কৰা হয়। সাগৰৰ পানীৰ পৰা নিমখ আহৰণ কৰা প্ৰক্ৰিয়াটো কি?
  • তোমাৰ মাৰাই তোমাক গেলামালৰ দোকানৰ পৰা চাহপাত আৰু জীৰা আনিব ক’লে। উভতি অহাৰ সময়ত, দুয়োটা পেকেট ফাটি গৈ চাহপাত আৰু জীৰা মিহলি হৈ গ’ল। এতিয়া তুমি চাহপাত আৰু জীৰা কেনেদৰে পৃথক কৰিবা?

Resource:

Click here to download the lesson Plan

Prepared by: Hiramani Deka, Adarsha Vidyalaya, Pakabetbari, Barpeta, Assam

Edited by: Srabanti Basak, Nikhat Nasrin Khan,  ITE Resource Team, TISS, Mumbai;

Translated by: Nitumani Kalita, Himangshu Lahkar, Gramya Vikash Mancha, Assam

Helpline Number : +91 70028 25970, +91 91018 89733

Categories
seperation_of_substance

Separation of Substances

by Hiramani Deka, Adarsha Vidyalaya, Pakabetbari, Barpeta, Assam

Learning Objectives:
  1. Students will learn how different substances are separated and why we need to separate some substances from mixture.
  2. Students will learn different methods of separating substances.
  3. Students will learn about condensation, sedimentation and evaporation.
Day 1

Time: 20 minutes

Activity:

Suppose you and your friend went to a vegetable market and you purchased 1 kg potatoes, 1 kg chillies, 1 kg beans and your friend purchased ½ kg onion and ½ kg okra (ladies finger) and kept in one bag.
When you and your friend came back from market and you have to give the onion and okra (ladies finger) to your friend. What steps will you take to separate the onion and okra (ladies finger)? Write the steps and share with you teacher.
What is this process/method of separating one item from a mixture called? Why do we need to separate substances from mixture? Write the answer in your notebook and share with your parents and teachers.

Resource:

Internet /Textbook.

Time: 30 minutes

Activity:

Watch a video to understand the process of Handpicking, Threshing and Winnowing.
Students can also take help of internet to understand the process of Handpicking, Threshing and Winnowing.
They can also scan Diksha QR code of their text book and go to diksha app to understand the same.

Resource:

The students can scan diksha QR code and go to the diksha app to watch the video which explains the topic.

Day 2

Time: 30 minutes

Activity:

Take some mud and mix it with a glass of water. Now keep this mixture for 20 minutes. What are the changes that you observed? Note down your observation and share with your teachers/ parents. can you explain why the changes happened?
Read the page no 39 of your textbooks to get the answers.

Resource:

Textbook page 39
The students can also search on Internet for more information.

Time: 30 minutes

Activity:
Take some sugar and rice and mix it well. Now, how will you separate these two items?

  • You can mix some water into the mixture so that sugar dissolve in water and rice can be separated by using a strainer.
  • Now, to separate sugar from water, heat it. Continue boiling the mixture until the liquid has almost disappeared.
  • Take a metal plate with some ice on it and hold it above the steam coming from the boiling mixture so that water drops fall in another vessel. Like this water will be separated in another vessel and sugar will be left out.

Now you read the book and write different processes involve in this activity with definitions.

Resource:

Textbook/ Internet search

Day 3

Time: 30 minutes

Assessment:

Fill in the blanks-

    1. Husk is separated from heavier seeds of grain by _____.
    2. More of a substance can be dissolved in a solution by ____ it.
    3. Separation of chilli from mixed vegetable is called _____
    4. Separation of stones from sand is called _______.

 

Answer the following question:

  • When the milk is cooled after boiling, it is poured on to a piece of cloth to separate the cream from the milk. What is this process called?
  • We know that Salt is made from sea water. What is the process of getting salt from Sea water?
  • Your mother asked you to bring tea leaves and Cumin (jira) from the grocery shop. while coming back, the two packets tore and the tea leaves and cumin got mixed. How will you separate the tea leaves and cumin now?


Resource:

Click here to download the lesson Plan

Prepared by: Hiramani Deka, Adarsha Vidyalaya, Pakabetbari, Barpeta, Assam;
Edited by: Srabanti Basak, Nikhat Nasrin Khan, ITE Resource Team, TISS, Mumbai
Helpline Number : +91 70028 25970, +91 91018 89733

Categories
en6_as_dhyanchand

ধ্যান চান্দ

by Rupashree Deka, Model School, Barkhetri, Nalbari, Assam

শিকনৰ উদ্দেশ্য:

  • ছাত্ৰ-ছাত্ৰীয়ে দেশৰ বিভিন্ন ক্ৰীড়াবিদ আৰু তেওঁলোকে সফলতা লাভৰ আঁৰৰ সংগ্ৰামৰ বিষয়ে জানিব।
  • ই ছাত্ৰ-ছাত্ৰীৰ শব্দভাণ্ডাৰ বৃদ্ধি কৰিব।
  • তেওঁলোকে বিভিন্ন প্ৰকাৰৰ কাল আৰু বাস্তৱ জীৱনত ইয়াৰ ব্যৱহাৰৰ বিষয়ে জানিৱলৈ সক্ষম হ’ব।
  • তেওঁলোক বিভিন্ন খেলা-ধূলাৰ প্ৰতি আগ্ৰহী হ’ব।
১ম দিন

সময়: ৩০ মিনিট

ক্ৰিয়াকলাপ:
ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিত পাঠটি উচ্চস্বৰে (সৰৱ পঠন) পঢ়িব। পঢ়াৰ আগতে শুদ্ধ উচ্চাৰণেৰে আদৰ্শ পঠন কি বুজিৱলৈ তেওঁলোকে সমলত দিয়া লিংকত ক্লিক কৰিব।
সংশ্লিষ্ট সমল লিংক:

এই সমল উৎসবোৰে য়ে ছাত্ৰ-ছাত্ৰীক কাহিনীটো বুজাত সহায় কৰিব:

https://www.dailyassam.com/2020/01/class-6-english-lesson-3-dhyan-chand.html

সময়: ২০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ পাঠ্যপুথিৰ 31 নং পৃষ্ঠাত থকা চিত্ৰখন চাব আৰু তাৰ পৰা বিভিন্ন ক্ৰীড়াবিদ আৰু তেওঁলোক জড়িত খেলৰ নাম বিচাৰি ল’ব। তাৰ পিছত তেওঁলোকৰ পৰিয়াল সদস্যৰ সহায়ত তেওঁলোকৰ ৰাজ্যৰ কিছুমান তেনেকুৱা ক্ৰীড়াবিদৰ নাম বিচাৰি লিপিৱদ্ধ কৰিব।

সংশ্লিষ্ট সমল লিংক:

ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ পৃষ্ঠা নং- 31 চাব  (NCERT)

সময়: ৩০ মিনিট

ক্ৰিয়াকলাপ:
ছাত্ৰ-ছাত্ৰীয়ে পাঠটিৰ সাৰাংশ ইংৰাজীতে প্ৰস্তুত কৰিব লাগিব আৰু শিক্ষক/অভিভাৱকক দেখাব।

সংশ্লিষ্ট সমল লিংক

এই সমলত ধ্যানচান্দৰ জীৱনী হিন্দীত বিশদ বিৱৰণী আছে।

Major Dhyan Chand Biography in hindi/Legend of Hockey/Indian HockeyPlayer

১ম দিন

সময়: ৩০ মিনিট (প্ৰতিটো কাৰ্যকলাপৰ)

মূল্যায়ণ:

  • ছাত্ৰ-ছাত্ৰীয়ে “Dhyan Chand” পাঠটিত ব্যৱহাৰ হোৱা 30 টা ক্ৰিয়া তালিকাভূক্ত কৰিব। তেওঁলোকে ক্ৰিয়াৰ কি কাল ব্যৱহাৰ হৈছে উল্লেখ কৰিব।
  • ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ ৰাজ্যৰ এজন বিখ্যাত ক্ৰীড়াবিদৰ জীৱনী ইংৰাজীতে লিখিব (১০০-১৫০ শব্দ)।

ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিত উল্লেখ থকা ক্ৰিয়াকলাপ সমূহ তেওঁলোকৰ টোকাবহীত সমাধান কৰিব। (শুদ্ধ উত্তৰ পাবলৈ সমলত উল্লেখ কৰা লিংকসমূহ চাব।)


সংশ্লিষ্ট সমল লিংক



Click here to download the Lesson Plan

Prepared by: Rupashree Deka, Model School, Barkhetri, Nalbari, Assam ;
Edited by: Srabanti Basak, ITE resource Team, TISS, Mumbai;
Translated by: Nitumani Kalita, Gramya Vikash Mancha, Assam

Helpline Number : +91 70028 25970, +91 91018 89733

Categories
en6_en_dhyanchand

Dhyan Chand

by Rupashree Deka, Model School, Barkhetri, Nalbari, Assam

Learning Objective:

  • The students will be able to know about different sports persons of the country and their struggle to achieve success.
  • It will increase student’s vocabulary.
  • They will be able to know different types of tenses and its uses in real life.
  • They will be interested towards sports, games etc.
Day 1

Time: 30 mins

Activity:
The students will go through the text of the lesson and read it aloud once. Before reading they will click the link in the resource to understand model reading with proper pronunciations.
Corresponding Resource Link:

The resources will help students understand the story:

https://www.dailyassam.com/2020/01/class-6-english-lesson-3-dhyan-chand.html

Time: 20 mins

Activity:

The student will look at the picture of page number 31 in their textbook and find the names of the sports persons along with the sports they are related. Then with the help of their family members they will find some of such sports persons of their state and will write their name.
Corresponding Resource Link: Page no-31 of class-6 English text book (NCERT)

Time: 30 mins

Activity:
The students have to prepare the summary of the lesson in English and share with the teacher/ parents.
Corresponding Resource Link:

The resource has a detailed biography of Dhyan Chand in Hindi.

Major Dhyan Chand Biography in hindi/Legend of Hockey/Indian HockeyPlayer

Day 2

Time: 30 mins (for each activity) 

Assessment:
The students will list down 30 verbs that is used in the text “Dhyan Chand” and will note it down. They will mention which tense is used for the verbs.

The students will write a biography of a famous sports person of their state in English (100-150 words)

The students will go through the activities that is in the book and solve the activities in their copy (The students will go through the mentioned links in the resources to find correct answer.)

Corresponding Resource Link:



Click here to download the Lesson Plan

Prepared by: Rupashree Deka, Model School, Barkhetri, Nalbari, Assam
Edited by: Srabanti Basak, ITE resource Team, TISS, Mumbai

Helpline Number : +91 70028 25970, +91 91018 89733