Categories
math6_as_basic_geo_ideas

জ্যামিতিৰ মৌলিক ধাৰণাসমূহ
ছাইফুল ইছলাম, আলিটাঙনী ছিনিয়ৰ মাদ্ৰাছা, নগাঁও, অসম

শিক্ষণীয় উদ্দেশ্য: 

  1. ছাত্ৰ-ছাত্ৰীয়ে মৌলিক জ্যামিতিক আকৃতি আৰু ইয়াৰ বৈশিষ্ট্যসমূহৰ বিষয়ে জ্ঞান লাভ কৰিব।
  2. তেওঁলোকে চৌপাশৰ জ্যামিতিক আকাৰসমূহ আৰু ইয়াৰ প্ৰয়োগৰ বিষয়ে জ্ঞান লাভ কৰিব।
১ম দিন

সময়: ১০ মিনিট

ক্ৰিয়াকলাপ:
ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ চৌপাশে নিৰীক্ষণ কৰিব আৰু তেওঁলোকে ভবা যিকোনো ১০ বিধ জ্যামিতিক আকৃতিৰ বস্তুৰ এখন তালিকা প্ৰস্তুত কৰিব।

সময়: ৩০ মিনিট

ক্ৰিয়াকলাপ:
• ছাত্ৰ-ছাত্ৰীয়ে ২ডাল সূতা বা ৰছী ল’ব। তেওঁলোকে সূতাৰ সহায়ত বিভিন্ন পোন ৰেখাৰ আকৃতি আৰু ভাজ থকা ৰেখাৰ আকৃতি বনাব। ফটো লৈ বা ছবি আঁকি শিক্ষক/অভিভাৱকক দেখাব।

• ছাত্ৰ-ছাত্ৰীয়ে কাঠি/জুইশলা কাঠিৰে বিভিন্ন জ্যামিতিক আকৃতি বনাব আৰু বহীত একেটা চিত্ৰ আঁকি নামৰ লগতে তাৰ ধৰ্ম লিখিব। তাৰ পিছত তেওঁলোকে শিক্ষক/অভিভাৱকক দেখাব।

• ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকে বনোৱা আকৃতিসমূহৰ লগত মিল থকা চৌপাশৰ বিভিন্ন বস্তু বিচাৰি উলিয়াই টোকাবহীত নাম লিখিব আৰু শিক্ষক/অভিভাৱকক দেখাব। ছাত্ৰ-ছাত্ৰীক কুণ্ডলীৰ আকাৰৰ (মহ খেদিবলৈ ব্যৱহাৰ কৰা কুণ্ডলীৰ নিচিনা, Mosquito coil) আৰু খাৰুৰ আকাৰৰ বস্তু সংগ্ৰহ কৰিবলৈ কোৱা হ’ব। কাগজত তাৰ চিত্ৰ অংকন কৰি দুয়োটা আকাৰৰ মাজত পাৰ্থক্য লিখিব কোৱা হ’ব। এনেধৰণৰ আকাৰৰ আন বস্তু নিৰীক্ষণ কৰি শিক্ষকৰ লগত ভাৱ বিনিময় কৰিব।

প্ৰয়োজনীয় সমল লিংক:

এই লিংকটোৰ সহায়ত জ্যামিতিৰ মৌলিক ধাৰণা লাভ কৰিব

পাঠ্যপুথি (পৃষ্ঠা নং- 57) পাঠ্যপুথি (পৃষ্ঠা নং- 63)
তথ্যৰ উৎস: geometry-terms.png

পাঠ্যপুথি (পৃষ্ঠা নং-61) পাঠ্যপুথি (পৃষ্ঠা নং- 71)

২য় দিন

সময়: ৩০ মিনিট

মূল্যায়ণ:

• ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ চৌপাশৰ পৰা কোণৰ আকাৰৰ বস্তু বিচাৰি, সেই একেখিনি বস্তুৰ চিত্ৰ অংকন কৰি বা ফটো উঠাই শিক্ষকৈ পঠিয়াব। (যেনে- ঘড়ী, আধা খোলা দুৱাৰ, মেজৰ দাঁতিকাষ ইত্যাদি)

• তেওঁলোকে পিছত দৈনন্দিন জীৱনত কোণৰ ব্যৱহাৰিক দিশৰ বিষয়ে লিখিব।

প্ৰয়োজনীয় সমল লিংক:

পাঠ্যপুথি (পৃষ্ঠা নং-68,69)
সমলৰ বাবে শিক্ষকে ছাত্ৰ-ছাত্ৰীক Diksha app ব্যৱহাৰ কৰিবলৈ উপদেশ দিব
৪৫ মিনিট মূল্যায়ণ:

• ছাত্ৰ-ছাত্ৰীয়ে জ্যামিতিক আকাৰ আৰু ৰেখাৰ চিত্ৰ আঁকি শিক্ষকক দেখুৱাব

• ছাত্ৰ-ছাত্ৰীয়ে তলৰ তালিকাখন সম্পূৰ্ণ কৰি তেওঁলোকৰ শিক্ষক/অভিভাৱকক দেখুৱাব

Click here to download the lesson plan

প্ৰস্তুতকৰ্তা: ছাইফুল ইছলাম, আলিটাঙনী ছিনিয়ৰ মাদ্ৰাছা, নগাঁও, অসম

সম্পাদনা: শ্ৰাবন্তী বাসাক, আইটিই সমল গোট, TISS, মুম্বাই

অনুবাদক: নিতুমনি কলিতা, হিমাংশু লহকৰ, গ্ৰাম্য বিকাশ মঞ্চ, অসম

Helpline Number : +91 70028 25970, +91 91018 89733

Categories
math6_en_basic_geo_ideas

Basic Geometrical Ideas
Saiful Islam, Alitangani Senior Madrasah, Nagaon, Assam

Learning Objectives:

  1. Students will get an idea on fundamental geometrical shapes and about their features.
  2. They will get an idea about the geometrical shapes in the environment and their application.
Day 1

Time: 10 minutes

Activity:
The students will observe their surrounding and make a list of any 10 objects that you think is a geometrical shape.

Time: 30 minutes

Activity:

The students will take 2 threads or ropes. They will create different lines and curves using the thread. Take picture or draw picture and share with teacher/parents.The students will then make different geometrical shapes with the help of stick / matches, draw the same figures on the copy and write the name of the shapes and their properties. The students will then share it with the teacher/ parents.

The students will find objects in their surroundings which matches the shapes that they have created and will write the names in their notebook and share.

The students will be asked to collect a coil shape object (as mosquito coil) and a bangle. Draw the figures on a page. Write the difference between 2 figures. Observe few more figures like these and share with your teacher.

Resource:

The link with help to get some more idea on basic geometry

Text book (page no. 57) Text book ( page no. 63)
Reference: geometry-terms.png

Text book (page no. 61) Text book (page no 71)

Day 2

Time: 30 minutes

Assessment

The students will be asked to find out angles in their surrounding and draw or take picture of the same and share with the teacher. (like; clock, partly opened doors, edges of table etc)They will further write what are the usage of angle in their daily life

Resource:

Text book (page no. 68,69)
The teacher can guide the students to follow Diksha app for resources.

Time: 45 minutes

Assessment:

The students will draw a picture with the geometrical shapes and lines and share it with their teachers.

The students will fill out the following table and share with their teachers/ parents.

Click here to download the lesson plan

Prepared by: Saiful Islam, Alitangani Senior Madrasah, Nagaon, Assam

Edited by: Srabanti Basak, ITE Resource Team, TISS, Mumbai

Translated by: Nitumani Kalita, Gramya Vikas Mancha (GVM), ITE Resource Team, TISS, Mumbai

Helpline Number : +91 70028 25970, +91 91018 89733

Categories
math8_as_quad

চতুর্ভূজ (Quadrilateral)
ছাইফুল ইছলাম, আলিটাঙনী ছিনিয়ৰ মাদ্ৰাছা, নগাঁও, অসম

শিক্ষণৰ উদ্দেশ্য:

  • ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ চতুৰ্ভূজ আৰু ইয়াৰ ধৰ্মৰ বিষয়ে জ্ঞান লাভ কৰিব।
  • ছাত্ৰ-ছাত্ৰীয়ে বহুভূজ আৰু ইয়াৰ কোণৰ বিষয়ে জ্ঞান লাভ কৰিব।
  • ছাত্ৰ-ছাত্ৰীয়ে চতুৰ্ভূজৰ বিষয়ে অধিক পৰিমাণে উপযুক্ত জ্ঞান অৰ্জন কৰিব।
১ম দিন 

সময়: ৪০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে নিম্নোক্ত কাৰ্যকলাপখিনি কৰিব:
এখন বৰ্গাকৃতিৰ কাগজ লৈ তাক বিভিন্ন আকাৰত কাটি লোৱা (কথাখিনি বুজি পাবলৈ ছাত্ৰ-ছাত্ৰীয়ে লিংকটো অনুসৰণ কৰিব পাৰে)
দুটা সৰু ত্ৰিভূজ
এটা মধ্যমীয়া ত্ৰিভূজ
এটা বৰ্গ
এটা সামান্তৰিক
কৰ্তন কৰা আকৃতিসমূহেৰে ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন আকাৰৰ বস্তু সাজিব (যেনে- চিলা, ৰম্বাচ, বৰ্গ, ট্ৰেপিজিয়াম, সামান্তৰিক ইত্যাদি) আৰু আকৃতিসমূহৰ নামাকৰণ কৰিব
বা
১০/১১ জুইশলাৰ কাঠিৰ সহায়ত ছাত্ৰ-ছাত্ৰীয়ে ৭/৮ বস্তুৰ আকৃতি সাজিব (উদাহৰণস্বৰূপে: পঞ্চভূজ, আয়ত, ট্ৰেপিজিয়াম ইত্যাদি)আৰু আকৃতিসমূহৰ নাম লিখিব
তেওঁলোকে কৰা কাৰ্যখিনি শিক্ষক/অভিভাৱকক দেখাব

প্ৰয়োজনীয় সমলসমূহ:


ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিৰ পৃষ্ঠা নং 57,58, 61, 62,63 চাব

সময়: ৪০ মিনিট ক্ৰিয়াকলাপ:
শিক্ষকে ছাত্ৰ-ছাত্ৰীক তলৰ কাৰ্যসমূহ কৰিব দিব:
(ক) এখন কাগজত এটা সামান্তৰিকৰ চিত্ৰ আঁকি কাটি উলিওৱা আৰু ABCD ৰে নামাকৰণ কৰা। AC আৰু DB হিচাবে ভাজ কৰা। তাৰ পিছত DB কৰ্ণই AC কৰ্ণক একেটো বিন্দু E ত সমদ্বিখণ্ডিত কৰিছে নে নাই নিৰ্ণয় কৰা? শিক্ষকৰ লগত মতবিনিময় কৰিব।
(খ) এখন বৰ্গাকৃতিৰ কাগজ লৈ ABCD ৰে নামাকৰণ কৰা। উভয় কৰ্ণৰে ভাজ কৰা। সিহঁতৰ মধ্যবিন্দুটো একেনে? E (মধ্যবিন্দু)ত কৰ্ণ দুডালে ৯০ ডিগ্ৰী কোণ কৰিছে নে পৰীক্ষা কৰা।
(গ) পাঠ্যপুথিৰ পৃষ্ঠা নং 49 লৈ গৈ ছাত্ৰ-ছাত্ৰীয়ে উত্তল আৰু অৱতল বহুভূজৰ কিছুমান চিত্ৰ আঁকিব আৰু শিক্ষকক দেখাব।

প্ৰয়োজনীয় সমলসমূহ:

পাঠ্যপুথিৰ পৃষ্ঠা নং 47 চোৱা

২য় দিন

সময়: ৬০ মিনিট

মূল্যায়ণ:

চতুৰ্ভুজৰ বংশবৃক্ষ আৰু ইয়াৰ ধৰ্মৰ বিষয়ে বুজিবলৈ ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিৰ সহায়ত তলৰ তলিকাখন পূৰ্ণ কৰিব আৰু শিক্ষকৰ লগত মতবিনিময় কৰিব।

  • প্ৰদত্ত সমস্যাৰ বিষয়ে চিন্তা কৰা আৰু উত্তৰসমূহ শিক্ষকক জনোৱা
  • ধৰি লোৱা তোমাৰ দাদাই এখন কাঠৰ ফলক সাজিছে। তেওঁ সেইখন আয়তাকাৰৰ কৰিব বিচাৰিছে কিন্তু বিবুধিত পৰিছে। গতিকে তুমি অন্য কি পন্থাৰে এইখন আয়তাকাৰ বুলি সুনিশ্চিত কৰিবা?
  • তুমি আকাশত চিলা উৰা দেখিছানে? এখিলা প্লাষ্টিক বা চিলা সঁজা কাগজ, কাঠিৰে এখন চিলা সঁজা আৰু ইয়াক উৰুৱাবলৈ চেষ্টা কৰা। ফটো লোৱা আৰু শিক্ষকক প্ৰেৰণ কৰা। চিলাখনৰ আকাৰ আমি পাঠটোত পোৱা কোনো জ্যামিতিক আকৃতিৰ সৈতে একে নেকি? নে কিবা পাৰ্থক্য পাইছা? ব্যাখ্যা কৰা আৰু শিক্ষকৰ সৈতে আলোচনা কৰা।
  • আমাৰ জীৱনত চতুৰ্ভূজাকৃতিৰ বস্তু কি কি কামত ব্যৱহাৰ হয়?
  • ছাত্ৰ-ছাত্ৰীয়ে প্ৰাপ্ত তথ্যসমূহ লৈ শিক্ষক/অভিভাৱকৰ সৈতে ভাৱবিনিময় কৰিব।

প্ৰয়োজনীয় সমলসমূহ:

ছাত্ৰ-ছাত্ৰীয়ে চতুৰ্ভুজৰ বংশবৃক্ষ আৰু ইয়াৰ ধৰ্মৰ বিষয়ে বুজিবলৈ এই লিংকটো অনুসৰণ কৰিব

https://www.geogebra.org/m/YDVXQAMB

প্ৰস্তুতকৰ্তা: ছাইফুল ইছলাম, আলিটাঙনী ছিনিয়ৰ মাদ্ৰাছা, নগাঁও, অসম

সম্পাদনা: শ্ৰাবন্তী বাসাক, আইটিই সমল গোট, TISS, মুম্বাই

অনুবাদক: নিতুমনি কলিতা, হিমাংশু লহকৰ, গ্ৰাম্য বিকাশ মঞ্চ, অসম

Click here to download the lesson plan

Helpline Number : +91 70028 25970, +91 91018 89733

Categories
math8_en_quad

Quadrilateral
By Saiful Islam, Alitangani Senior Madrasah, Nagaon, Assam

Learning Objectives:

  • The students will get an idea about the different types of quadrilaterals and can identify their properties
  • The students will get an idea about polygons and their angles
  • The students will acquire more logical understanding about quadrilaterals
Day 1

Time: 40 minutes

Activity:

Students will do the following activity:
Take a square paper and cut the paper into different shapes. (The students can follow the links to understand)
2 small triangles
1 medium triangle
2 large Triangles
1 square
1 parallelogram

With the cut out shapes the students will make different shapes (like kite, rhombus, square, trapezium, parallelogram etc) and will write the name of the figures.
Or,
With help of 10/11 sticks / matches the students will make 7/8 figures (e.g.: pentagon, rectangle, trapezoid etc) and will write the name of the figures.

They will share what they did with teachers/ parents

Resource:

Students can refer to text book (Page no. 57,58, 61, 62,63)

Time: 40 minutes

Activity:

The teacher will give the following activities to the students:

Take a paper and draw a parallelogram, cut the shape and name them ABCD. fold it by AC and DB. Then the student has to find out whether diagonal DB bisects the diagonal AC at the same point E? Share with your teacher

Take a square sheet, say ABCD. Fold along both the diagonals. Is their mid-point the same? Check if the angle at E (mid-point) is 90 degree.

After going through page no. 49 of the text book the student will draw some figure of convex and concave polygon and will share it with the teachers.
Resource:
Text book Page 47

Day 2

Time: 60 minutes

Assessment:
To understand the family tree of Quadrilateral and its properties the student will go through the text book then they will fill in the sheet and share it with the teacher.

Think about the given problems and share the answer with your teacher.

  • Your brother has made a wooden slab. He needs it to be rectangular but he is confused. In what different ways can you make sure that it is rectangular.
  • Have you seen kite flying in the sky? Make a kite with a sheet of plastic or kite paper, stick and try to fly it. Take a picture and share with your teacher./li
  • Is the shape of the kite same that we learnt in the text book? What is the difference? Define it and share with your teacher.
  • What are the use of quadrilaterals in our life?
  • The students will share the findings with their teachers/ parents.

Resource:

The students can follow the link to understand the Quadrilaterals: family tree and its properties

https://www.geogebra.org/m/YDVXQAMB

Click here to download this Lesson Plan

Prepared by: Saiful Islam, Alitangani Senior Madrasah, Nagaon, Assam

Edited by: Srabanti Basak, ITE Resource Team, TISS, Mumbai

Translated by: Nitumani Kalita, Gramya Vikash Mancha (GVM) , ITE Resource Team, TISS, Mumbai

Helpline Number : +91 70028 25970, +91 91018 89733

Categories
ss8_as_settlement

বসতি (Settlement)
ডিম্বেশ্বৰ শৰ্মা, নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী, অসম

শিকনৰ উদ্দেশ্য:

  1. ছাত্ৰ-ছাত্ৰীয়ে মানুহৰ বসতি (Settlement) মানে কি সেইবিষয়ে জ্ঞান লাভ কৰিব
  2. তেওঁলোকে বসতিৰ বিভিন্ন প্ৰকাৰ সম্বন্ধে জ্ঞান লাভ কৰিব
  3. ছাত্ৰ-ছাত্ৰীয়ে গ্ৰাম্য আৰু নগৰীয়া বসতিৰ মাজৰ পাৰ্থক্য সম্পৰ্কে জ্ঞান লাভ কৰিব
  4. ছাত্ৰ-ছাত্ৰীয়ে গাঁও আৰু নগৰৰ মাজত থকা সম্পৰ্কৰ বিষয়ে জ্ঞান লাভ কৰিব
১ম দিন

সময়: ২০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ঘৰৰ চৌপাশে দেখা বিভিন্ন ধৰণৰ বসতিৰ এখন তালিকা প্ৰস্তুত কৰিব আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়া WhatsApp গ্ৰুপ বা মেচেজৰ জৰিয়তে শিক্ষক বা তেওঁলোকৰ অভিভাৱকলৈ প্ৰেৰণ কৰিব।

সময়: ৩০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে পাঠটি মনোযোগেৰে পঢ়িব আৰু আলোচনাৰ জৰিয়তে পাঠ সম্পৰ্কীয় শংকা দূৰ কৰিব। শিক্ষকৰ সৈতে এই আলোচনাটি WhatsApp গ্ৰুপ বা ফোনযোগে কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ অভিভাৱক বা নিজৰ সম্পৰ্কীয়ৰ পৰাও সহায় ল’ব পাৰে।

২য় দিন

সময়: ৩০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ওচৰৰ ২ খন গাঁও আৰু ২ খন চহৰৰ যোৱা পাঁচ বছৰৰ জনসংখ্যা উলিয়াই তুলনা কৰিব আৰু এখন তালিকা (chart)ৰ জৰিয়তে উপস্থাপন কৰিব। এই একেখিনিয়ে তেওঁলোকে তেওঁলোকৰ টোকাবহীত অংকন কৰিব। তেওঁলোকে তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিব:
তুলনা কৰা আৰু ক’ত কিয় জনসংখ্যাৰ পৰিমাণ কম-বেছি হৈছে নিৰ্দ্ধাৰণ কৰা।
• গাঁও আৰু নগৰৰ জনসংখ্যাৰ মাজত কি পাৰ্থক্য দেখিলা?
• ক’ৰ জনসংখ্যা বেছি-গাঁওৰ নে নগৰৰ আৰু কিয়? এখন ফটো লোৱা আৰু শিক্ষকলৈ পঠোৱা বা তোমালোকৰ অভিভাৱকৰ লগত আলোচনা কৰা

সমলসমূহ
ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ অভিভাৱক বা গাঁওবাসীৰ সহায় ল’ব পাৰে আৰু google search কৰিব পাৰে।

সময়: ৩০ মিনিট

ক্ৰিয়াকলাপ:
ছাত্ৰ-ছাত্ৰীয়ে অসম বা তেওঁলোকৰ নিজৰ জিলাখনৰ মেপ এখন উলিয়াই ল’ব আৰু বিভিন্ন গঠনৰ ভূমি আৰু তেনেকুৱা গঠনৰ ভূমিবোৰত কেনেকুৱা কৃষি কৰা হয়, চিনাক্ত কৰিব। তেওঁলোকে প্ৰাপ্ত তথ্যসমূহ তেওঁলোকৰ অভিভাৱকৰ লগত আলোচনা কৰিব বা শিক্ষকলৈ প্ৰেৰণ কৰিব।
সমলসমূহ
ছাত্ৰ-ছাত্ৰীয়ে মেপ/ভূচিত্ৰাৱলী/গুগ’ল মেপৰ সহায় ল’ব পাৰে

৩য় দিন

সময়: ৬০ মিনিট

মূল্যায়ণ:

ছাত্ৰ-ছাত্ৰীয়ে তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিব আৰু শিক্ষক আৰু অভিভাৱকৰ সৈতে বিনিময় কৰিব:

• বিভিন্ন প্ৰকাৰৰ বসতিৰ তাৎপৰ্য কি?
• গাঁও আৰু নগৰ/চহৰৰ বসতিৰ মাজৰ পাৰ্থক্য কি? তেওঁলোকে জনসংখ্যা, কৰ্মসংস্থান, শিক্ষা আৰু অৰ্থনৈতিক ক্ষেত্ৰৰ পাৰ্থক্যও উলিয়াব।

ছাত্ৰ-ছাত্ৰীয়ে কাগজত তেওঁলোকৰ গাঁও/চহৰ/নগৰৰ মেপ আঁকি তেওঁলোকৰ ঘৰ চিহ্নিত কৰিব আৰু সেই গাঁও/চহৰ/নগৰখন কোন প্ৰকাৰৰ বসতিৰ অন্তৰ্ভূক্ত হয় তাক নিৰ্ণয় কৰিব।

সমলসমূহ
ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ অভিভাৱক, পৰিয়ালৰ সদস্য ইত্যাদিৰ সহায় ল’ব পাৰে।
ছাত্ৰ-ছাত্ৰীয়ে নিজৰ গাঁওখনৰ চাবলৈ গুগ’ল মেপৰ সহায় ল’ব পাৰে।
ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথি, ইণ্টাৰনেট বা Diksha appৰ সহায় ল’ব পাৰে আৰু এই বিষয় সম্পৰ্কীয় উৎস চাব পাৰে।

Click here to download the lesson plan

প্ৰস্তুতকৰ্তা: ডিম্বেশ্বৰ শৰ্মা, নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী, অসম

সম্পাদনা: ভনিতা ডেকা, গ্ৰাম্য বিকাশ মঞ্চ, অসম; আইটিই সমল গোট, TISS, মুম্বাই

অনুবাদক: নিতুমনি কলিতা, হিমাংশু লহকৰ, ভনিতা ডেকা, গ্ৰাম্য বিকাশ মঞ্চ, অসম

Helpline Number : +91 70028 25970, +91 91018 89733

Categories
ss8_en_settlement

Settlement
DIMBESWAR SARMA. NAMATI VIDYAPITH HIGHER SECONDARY SCHOOL, NALBARI

Learning Objectives:

  1. Students will understand what is settlement
  2. They will know about different types of settlement
  3. Students will learn about the difference between the settlements in village and city.
  4. Students will learn about the relation between village and city.
Day 1

Time: 20 minutes

Activity:

The students will list down what kind of settlement can be seen around their homes and will share their response in the WhatsApp group or message the teacher or will share with their parents.

Time: 30 minutes

Activity:
The students will read the book and will clear the doubts through discussions. The discussion can happen in WhatsApp group or via phone with the teacher. The students can also take help of their parents or relatives.

Day 2

Time: 30 minutes

Activity:

The students will select 2 villages and 2 cities around them and will compare the population of five years and present it through a chart. They can draw the same in their notebook. they will try to find the following answers:
What difference do you see in the village and city population?Which population was higher – village or city and why?

Take a picture and share with teachers or discuss with your parents.

Resource
Students can take help of their parents or village members and google search

Time: 30 minutes

Activity:

The students will take a map of Assam or their own district and identify different land forms and what kind of agriculture happen in those landforms. They will discuss the findings with their parents or will share with their teachers.

Resource
Students may take help of maps/atlas/ google map

Day 3

Time: 60 mins

Assessment:

Students will find the answers of the following questions and will share with teachers and parents:What is the significance of different types of settlement?

What is the difference of village and city/town settlement? They will find the differences in population, employment, education, economy etc.

The students will draw a map of their village/ town/ city on paper and mark their house and identify the type of settlement under which the village/town/city comes.

Resource:

The students can take help from their parents, family members etc.
The students can also take help of the google map to find their village and draw the map
Students can take help of textbook, internet or go to the diksha app and access the resources regarding this topic for reference.

Click here to download the Lesson Plan

Prepared by: Dimbeswar Sarma, Namati Vidyapith Higher Secondary School ,Assam

Edited by: Bhanita Deka , Gramya Vikash Mancha, Nalbari, Assam; ITE Resource Team, TISS, Mumbai

Translated by: ITE Resource Team, TISS, Mumbai

Helpline Number : +91 70028 25970, +91 91018 89733

Categories
sci8_as_metal_nonmetal

ধাতু আৰু অধাতু (Metal and Non-metal)
By Asif Iqbal Siddiki, Bani Bidyapith, Chanmaguri, Kamrup (Rural) Assam

শিকণীয় উদ্দেশ্য:

  1. ধাতু আৰু অধাতুৰ বিষয়ে ধাৰণা গঠন
  2. ধাতু আৰু অধাতুৰ কিছুমান ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ তুলনা
  3. আমাৰ দৈনন্দিন জীৱনত ধাতু আৰু অধাতুৰ ব্যৱহাৰ 
  4. অসমৰ স্থানীয় কাঁহ-পিতলৰ উদ্যোগৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰকল্প কাৰ্য্য
  5. প্ৰকল্পটোৱে শিক্ষাৰ্থীসকলক ধাতুৰ মিশ্ৰণ আৰু ইয়াৰ উদ্যোগিক দিশ সম্পৰ্কে এক বাস্তৱ জীৱনৰ সংযোগ কৰিব।

১ম দিন

সময়: ৪০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিত পাঠটি মনোযোগেৰে পঢ়িব আৰু পাঠ সম্পৰ্কে কিবা শংকা থাকিলে শিক্ষকৰ লগত যোগাযোগ কৰিব।

বা 

ছাত্ৰ-ছাত্ৰীয়ে সমলত (Resources)ত উল্লেখিত লিংকত ভিডিঅ’ চাব আৰু তেওঁলোকৰ মনলৈ অহা প্ৰশ্নবোৰ লিখিব। পাঠ সম্পৰ্কে থকা  শংকাবোৰ দূৰ কৰিবলৈ তেওঁলোকে শিক্ষক আৰু অভিভাৱকৰ সহায় ল’ব।

সমলসমূহ:

(ভিডিঅ’ কেইটাই ধাতু আৰু অধাতু সম্পৰ্কে এক সংক্ষিপ্ত ধাৰণা দিব আৰু লগতে এইসমূহে ধাতু আৰু অধাতুৰ বিভিন্ন ধৰ্মক সামৰি লৈছে।)

সময়: ৩০ মিনিট

ক্ৰিয়াকলাপ:

ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ জীৱনত কিছুমান ধাতু আৰু অধাতুৰ দৈনিক ব্যৱহাৰৰ বিষয়ে বাচি উলিয়াব আৰু সেইসমূহ WhatsApp group পঠিয়াই দিব। 

ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ চৌপাশে দেখা বস্তুসমূহৰ ফটো বা এখন তালিকা প্ৰস্তুত কৰি পঠিয়াব পাৰে।

সমলসমূহ:

Project Link

ITE মাষ্টাৰ ট্ৰেইনাৰ আচিফ ইকবাল চিদ্দিকীৰ তত্বাৱধানত উচ্চতৰ মাধ্যমিক বাণী বিদ্যাপীঠ, চনমাগুৰী, কামৰূপ, অসম-ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এই ITE প্ৰকল্পটি প্ৰস্তুত কৰিছে। এই ITE প্ৰকল্পটি শিক্ষণৰ ফলাফলৰ এক অংশ হিচাবে প্ৰস্তুত কৰা হৈছে। ITE প্ৰকল্পটিয়ে ধাতুৰ কিছুমান ৰাসায়নিক ধৰ্মৰ বিষয়ে বৰ্ণনা কৰিছে।

২য় দিন

সময়: ৬০ মিনিট

মূল্যায়ণ:

  • ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিৰ আলম লৈ ধাতু আৰু অধাতু উভয়ৰে ভৌতিক ধৰ্মৰ এক তুলনামূলক তালিকা প্ৰস্তুত কৰিব। এই একেখিনিৰ বাবে ইণ্টাৰনেট, পাঠ্যপুথি আৰু অভিভাৱক বা শিক্ষকৰ সহায় ল’ব পাৰে। 
  • শিক্ষকে ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশে দেখা ধাতুৰ কিছুমান ৰাসায়নিক ধৰ্মৰ বিষয়ে বাচি উলিয়াব ক’ব আৰু তাক ব্যাখ্যা কৰিব ক’ব। যেনে- মামৰে ধৰা

শিক্ষকে গ্ৰুপত প্ৰশ্ন পঠাব আৰু ছাত্ৰ-ছাত্ৰীক তাৰ উত্তৰ কৰিব ক’ব।  বা ধাতু আৰু অধাতুৰ বিষয়ে এক কুইজত অংশগ্ৰহণৰ প্ৰয়াস কৰা আৰু তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে ভাব-বিনিময় কৰাৰ বাবে শিক্ষকে ছাত্ৰ-ছাত্ৰীক Diksha app ডাউনলোড কৰি ল’ব ক’ব পাৰে  

সমলসমূহ:

https://diksha.gov.in/play/content/do_3126455769589186562522?referrer=utm_source%3Ddiksha_mobile%26utm_content%3Ddo_3126590295958650881129%26utm_campaign%3Dshare_content

Click here to download the Lesson Plan in PDF format

প্ৰস্তুতকৰ্তা: আচিফ ইকবাল চিদ্দিকী, উচ্চতৰ মাধ্যমিক বাণী বিদ্যাপীঠ, চনমাগুৰী, কামৰূপ, অসম

সম্পাদনা: নিতুমনি কলিতা, গ্ৰাম্য বিকাশ মঞ্চ, অসম; দুৰ্বা সৰকাৰ, ITE Resource Team, TISS, Mumbai;

অনুবাদক: নিতুমনি কলিতা, গ্ৰাম্য বিকাশ মঞ্চ, অসম

Helpline Number : +91 70028 25970, +91 91018 89733

Categories
ss6_as_motion_of_earth

পৃথিৱীৰ গতি (Motion of the Earth)
by Hiramani deka Adarsha Vidyalaya, Pakabetbari, Barpeta, Assam

শিকণীয় উদ্দেশ্য: 

  • ছাত্ৰ-ছাত্ৰীসকলে আহ্নিক গতি আৰু বাৰ্ষিক গতি কি হয় বুজিব পাৰিব 
  • দিন আৰু ৰাতি কিদৰে হয় শিকিব 
  • বাৰ্ষিক গতিৰ ফলত কিদৰে বতৰৰ পৰিবৰ্তন হয় শিকিব 
১ম দিনক্ৰিয়াকলাপ:

সময়: ১০ মিনিট

দিন আৰু ৰাতি কিয় হয়? ভাৱা আৰু ফোনযোগে তোমাৰ  বন্ধু বান্ধবী বা পিতৃ-মাতৃৰ সৈতে আলোচনা কৰা আৰু WhatsApp group ত শিক্ষকৰ লগত মত বিনিময় কৰা ৷

ক্ৰিয়াকলাপ:

এখন বৃত্তাকাৰ কাগজ লোৱা আৰু কাগজখনৰ সোঁমাজত মাৰি বা কাঠি এডাল সুমুৱাই ৰাখা আৰু ইয়াক সূৰ্যৰ পোহৰ পৰা মুকলি আকাশৰ তলত ৰাখা। সম্পূৰ্ণ দিনটোত মাৰিডালৰ ছাঁটো পৰ্যবেক্ষণ কৰা আৰু বিভিন্ন সময়ৰ ব্যৱধানত মাৰিডালৰ ছাঁটো কাগজখনৰ ওপৰত চিহ্নিত কৰা। বিভিন্ন সময়ৰ ব্যৱধানত মাৰিডালৰ ছাঁটোৰ আকাৰ আৰু স্থানৰ পৰিবৰ্তন লক্ষ্য কৰিছানে? এই পৰিবৰ্তনৰ কাৰণসমূহ তোমালোকে বিচাৰিবলৈ চেষ্টা কৰা আৰু নিজৰ টোকাবহীত লিখা।
ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ঠাইৰ যোৱা তিনি-চাৰি মাহৰ ২১তাৰিখৰ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময় বাতৰিকাকত/ দূৰদৰ্শন / Google ৰ সহায় লৈ নিজৰ বহীত লিখিব ৷

সমল লিংক

(এই সমলটিত ছাত্ৰ-ছাত্ৰীয়ে কিদৰে এডাল পেঞ্চিল, আলতীয়া মাটি আৰু এখন কাগজৰ থালৰ সহায়ত সূৰ্যৰ পৰা পোৱা ছাঁৰে পৃথাৱীৰ গতি পৰ্যবেক্ষণ, অনুমান আৰু লিপিৱদ্ধ কৰি এটি সাধাৰণ বেলিঘড়ী সাজিব পাৰি তাৰ ধাৰণা পাব।)

২য় দিন:সময় : ৩০ মিনিট

ক্ৰিয়াকলাপ:

– পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰাৰ ফলত কিদৰে দিন-ৰাতি হয় বুজিবলৈ ছাত্ৰ-ছাত্ৰীয়ে Youtube ত এটা video চাব ৷
– ছাত্ৰ-ছাত্ৰীয়ে দিন আৰু ৰাতিৰ সময়ৰ ভিন্নতা আৰু পৰিভ্ৰমণৰ সময়ত পৃথিৱীৰ স্থানৰ পৰিৱৰ্তনৰ সৈতে ঋতু পৰিৱৰ্তনৰ বিষয়ে বুজিৱলৈ পৃথিৱীৰ পৰিভ্ৰমণৰ এটি ভিডিঅ’ চাব।
বা, তেওঁলোকে বিভিন্ন উৎস, যেনে- কিতাপ, ইণ্টাৰনেট, শিক্ষক বা অভিভাৱকৰ পৰা পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি কিদৰে ঘূৰে, দিন-ৰাতি কিদৰে হয় জানি লব আৰু উপৰোক্ত প্ৰশ্নকেইটাৰ উত্তৰ কৰিব।

Resource:
(এই শিক্ষাসামগ্ৰীত আহ্নিক গতি কিদৰে হয় বুজাত সহায়ক  হ’ব ৷)

(এই সমলটিত কিদৰে ঋতু পৰিৱৰ্তন হয়, তাক বৰ্ণনা কৰা আছে।)
(অধিক তথ্যৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে গুগ’লত বিচাৰিব পাৰে)

সময় : ৩০ মিনিট

ক্ৰিয়াকলাপ:
ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ পাঠ্যপুথিৰ পৰা পাঠটি পঢ়ি ল’ব। তেওঁলোকে পৃথিৱীৰ কক্ষপথৰ প্ৰকৃতিৰ বিষয়ে বুজিৱলৈ পাঠ্যপুথিৰ ক্ৰিয়াকলাপ/Google ৰ সহায়ত নিজৰ টোকাবহীত এটা উপবৃত্ত অংকন কৰিব।
Resource: পাঠ্যপুথি/Google

৩য় দিনসময় : ৬০ মিনিট

মূল্যায়ণ:

– ছাত্ৰ-ছাত্ৰীয়ে ঋতু ভেদে তেওঁলোকে খোৱা বা বজাৰত দেখা শস্য, বতৰীয়া
ফলমূল আৰু শাক-পাছলিৰ বিষয়ে ভাবিব আৰু ঋতু অনুসৰি এখন শস্যৰ তালিকা প্ৰস্তুত কৰিব। তেওঁলোকে তালিকাভূক্ত কৰা শস্যৰ উৎপাদন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি হয় তাকো অন্তৰ্ভূক্ত কৰিব।
– ছাত্ৰ-ছাত্ৰীয়ে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰিব-
– সূৰ্য কিয় উত্তৰ দিশত উদয় আৰু দক্ষিণ দিশত অস্ত নাযায়?
– পৃথিৱীৰ আৱৰ্তন  স্থিৰ হৈ গ’লে কি হ’ব?
– আহ্নিক গতিৰ ফলত প্ৰকৃতিত আন কি কি প্ৰভাৱ পৰে?
যিহেতুকে তোমালোকে পাই আহিছা যে উত্তৰ গোলাৰ্ধৰ বতৰ দক্ষিণ গোলাৰ্ধতকৈ বেলেগ, গতিকে আমাৰ ইয়াত যেতিয়া শীতকাল হয়, তেতিয়া কিছুমান দেশত গ্ৰীষ্ম কাল হয়।
তুমি জানানে অষ্ট্ৰেলিয়াত বৰদিন গ্ৰীষ্ম কালত উদযাপন কৰা হয়?
দহখন দেশৰ নাম আৰু তাত বৰদিন উদযাপন কৰা ঋতুটোৰ নাম লিখি এখন তালিকা প্ৰস্তুত কৰা।

Click here to download the lesson plan

প্ৰস্তুতকৰ্তা: হীৰামনি ডেকা, আদৰ্শ বিদ্যালয়, পাকাবেতবাৰী, বৰপেটা, অসম

সম্পাদনা: Srabanti Basak, ITE Resource Team , TISS, Mumbai

অনুবাদক: নিতুমনি কলিতা, হিমাংশু লহকৰ, গ্ৰাম্য বিকাশ মঞ্চ, অসম

Helpline Number : +91 70028 25970, +91 91018 89733

Categories
sci8_en_metal_nonmetal

Metal and Non-metal
By Asif Iqbal Siddiki, Bani Bidyapith, Kamrup (Rural) Assam

Objectives:

  1. Concept building on Metal & Non – metal
  2. Comparison of some physical and chemical properties of metal & non metal
  3. Use of metals and non metals in our daily life
  4. Students project work on local brass and bell metal industry of Assam
  5. The project will give a real life connectivity to the learners about metal alloy and their industrial aspect

Day 1

Time: 40 minutes

Activity:

Students will read the chapter from the book and will connect to teachers if they have any doubt about the same. Or, students can watch the videos mentioned in the resources and will write down the questions that they have. They will take help of the teacher and parents to clear their doubts.

Resource:
(The video provides a brief idea about metal and non- metal and covers different properties of metal and non-metal )

Time: 30 minutes

Activity:
Students will find out the daily use of some metals and non-metals in their life and share the same in the WhatsApp group. The students may also share photos or provide a list of things they see around them.

Resource:

Project link

This ITE project is made by class viii students of Bani Vidyapith, Kamrup, Assam under the guidance of ITE Master Trainer Asif Iqbal Siddiqui. The project is made as part of the learning outcome. The ITE project explains some chemical properties of metal in brief.

Day 2

Time: 60 minutes

Assessment:

Students will prepare a comparison chart of physical properties of both metal and non – metal in their notebook. They can find the same using internet, textbook and take help of parents or teacher. The teacher will ask students to find some chemical properties of metals which they see around them and explain it. e.g. rusting The teacher will post questions in the group and ask the students to answer them. Or, the teacher can ask the students to download the Diksha app where they can attempt a quiz on metal and non-metal and share their experiences.

Resource:

https://diksha.gov.in/play/content/do_3126455769589186562522?referrer=utm_source%3Ddiksha_mobile%26utm_content%3Ddo_3126590295958650881129%26utm_campaign%3Dshare_content

Click here to download the Lesson Plan in PDF format

Prepared by: Asif Iqbal Siddiki, HS Bani Bidyapith, Chanmaguri, Kamrup, Assam

Edited by: Nitumani Kalita, Gramya Vikas Mancha (GVM), Assam; Durba Sarkar, ITE Resource Team, TISS, Mumbai

Translated by: Nitumani Kalita, Gramya Vikash Mancha (GVM), Nalbari, Assam.

Helpline Number : +91 70028 25970, +91 91018 89733

Categories
ss6_en_motion_of_earth

Motion of the Earth
by Hiramani deka Adarsha Vidyalaya, Pakabetbari, Barpeta, Assam

Learning Objectives:

  1. Students will understand what is earth rotation and revolution.
  2. They will learn how day and night occur.
  3. They will learn how season changes with revolution of earth.
Day1:

Time : 10 minutes

Activity 1 :

Why do we have day and night? Think and discuss with your friend over phone or parents and share in the WhatsApp group with your teacher.

Activity 2 :

Take a circular paper and put a stick in the middle of the paper and put it in an open place under the sun. Throughout the day observe the shadow of the stick and mark the shadow of different interval of time in that paper. Can you see the variations of size and places of the shadows in different interval of time? Try to find out the reason behind this variation and write in your copy.
Students will record the timings of sunrise and sunset of their places on 21st of past three or four months by taking the help of newspaper or Google.

Resource:


(In this resource, students will get an idea about how to make a simple sundial with a pencil, clay, and a paper plate to observe, predict, and record the Earth’s movement from the shadows cast by the Sun. )

Day 2:

Time : 30 minutes

Activity 3 :

Students will watch a video on YouTube to understand how earth rotates on its axis and day and night occur. – Students will watch a video on revolution of earth to understand the variations of duration of day and night as well as about the changing seasons with changing position of the earth during revolution. Or, they can find out how earth rotates on its axis, how day and night occur from different resources such as books, internet or ask teachers, parents and answer the above questions.

Resource:

(This resource will give an understanding of the motion of earth)

(The resource explains how seasonal changes happen)
The students can also search on google for more information.

Time : 30 Minutes

Activity 4 :
Students will read the chapter from their textbook. They will draw an ellipse in their copy to understand the nature of earth’s orbit by taking the help of textbook activity or they can search on Google.
Resource: Textbook/ Google search

Day 3:

Time : 60 minutes

Assessment:

Student will think about crops and seasonal fruits, vegetables that they eat and see in market and make a list of crops as per the season. They will also include in which states of India has the highest production of the crops they have listed.
Students will find out the answer of the following questions:
– Why does the sun not rise in the north and set in the south?
– What will happen if the earth stops rotating?
– What are the other effects on nature due to rotation?
As you have learnt that the seasons in the Northern hemisphere are the opposite of those in the Southern hemisphere. So, when we are having winter season, some countries have summer season.
Do you know that Christmas is celebrated in Australia in the summer season?
Make a list of ten countries and write the name of season they celebrate Christmas day.

Click here to download the lesson plan

Prepared by: Hiramani Deka, Adarsha Vidyalaya, Pakabetbari, Barpeta, Assam

Edited by: Srabanti Basak, ITE Resource Team, TISS, Mumbai

Translated by:Nitumani Kalita, Gramya Vikash Mancha, Nalbari, Assam, ITE Resource Team, TISS, Mumbai